দেওবাৰৰ ক্ৰিকেট 'মহাৰণ'ৰ পূৰ্বে ভাৰত-পাকিস্তানৰ ক্ৰিকেট অনুৰাগীৰ মাজত উত্তেজনা

match

'মহাৰণ'ৰ পূৰ্বে বৃদ্ধি পাবলৈ ধৰিছে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট অনুৰাগীসকলৰ উত্তেজনা।দেওবাৰে ওল্ড ট্রেফৰ্ডৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া মেচখনৰ পূৰ্বে ইংলেণ্ডতো ভাৰত আৰু পাকিস্তানী মূলৰ লোকসকলৰ মাজত উত্তেজনা তুংগত উঠিছে।খেলখনৰ 'টিকট  ৱিণ্ড' খোলাৰ  মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে টিকট শেষ হোৱাটোৱে তাৰেই প্ৰমাণ দাঙি ধৰিলে।

 

ইফালে,একাংশ লোকে নিজৰ টিকটসমূহ পুনৰাই বিক্ৰী যথেষ্ট লাভ উপাৰ্জন কৰিবলৈ ধৰিছে।পুনৰাই বিক্ৰীত এটা টিকটৰ মূল্য ৬০ হাজাৰ টকা পৰ্যন্ত হৈছেগৈ।ইমান উৰ্ধমুখী মূল্যতো টিকট কিনিবলৈ কুণ্ঠাবোধ কৰা নাই ক্ৰিকেট অনুৰাগীসকলে।

Your Comments