অসমবাসীলৈ সুখবৰ!উত্তৰ গুৱাহাটীত স্থাপন কৰা হ'ব ইছৰ'ৰ স্থায়ী কেন্দ্ৰ

isro

অসমবাসীলৈ এটা সুখবৰ।ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ(ইছৰ')ৰ এটা স্থায়ী কেন্দ্ৰ অসমত স্থাপন কৰা হ'ব।সেই স্থায়ী চৌহদটো স্থাপন কৰা হ'ব কামৰূপ জিলা অথবা জালুকবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীত।স্থায়ী কেন্দ্ৰটো স্থাপনৰ পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ইছৰ'ৰ এটা অস্থায়ী চৌহদ স্থাপন কৰা হ'ব।

 

এই বিষয়ে জনাইছে ৰাজ্যৰ বিজ্ঞান,প্ৰযুক্তি আৰু জলসম্পদ মন্ত্ৰী কেশৱ  মহন্তই।ইছৰ'ৰ স্থায়ী কেন্দ্ৰ স্থাপন হ'লে ৰাজ্যত বিবিধ বিষয়ক বিজ্ঞান গৱেষণাৰ গতি ত্বৰান্বিত হোৱাৰ আশা আছে।

Your Comments