ৰাকেশ পালৰ বিৰুদ্ধে চি বি আইক নিজাকৈ গোচৰ ৰুজু কৰি নিয়মীয়া তদন্ত চলোৱাৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

hc

নিউজ ডেস্ক :

অসম লোকসেৱা আয়োগক দুৰ্নীতিৰ ক'লা গহ্বৰলৈ পৰিবৰ্তন কৰা দুৰ্নীতিৰ সম্ৰাট ৰাকেশ পালৰ বিৰুদ্ধে কঠোৰ স্থিতিত অটল গুৱাহাটীৰ উচ্চ ন্যায়ালয়। ২০১৫চনত কৃষক নেতা অখিল গগৈয়ে অধ্যক্ষ পালৰ আয় বৰ্হিভূত সম্প্ৰতিৰ তদন্তৰ ভাৰ চিবিআইক দিব লাগে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু কৰা এক ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰৰ প্ৰাথমিক তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ পাছত এইবাৰ নিয়মীয়া তদন্তৰ অনুমতিয়ো প্ৰদান কৰা হৈছে চিবিআইক।

উল্লেখ্য যে ২০১৫ চনত কৃষক নেতা অখিল গগৈৰ এক গোচৰৰ ভিত্তিত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে ৰাকেশ পালৰ বিৰুদ্ধে চিবিআইক অৰ্পন কৰা প্ৰাথমিক তদন্তৰ দায়িত্ব পালন কৰি বিগত বর্ষৰ ২৪এপ্ৰিলত চিবিআইয়ে উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰে। তাৰ পাছতেই উচ্চ ন্যায়ালয়ত চিবিআইয়ে ৰাকেশ পালৰ বিৰুদ্ধে নিয়মীয়া তদন্তৰ অনুমতি বিচাৰি আবেদন জনায়।উক্ত আৱেদনৰে আজি ৰায় প্ৰদান কৰি উচ্চ ন্যায়ালয়ে চিবিআইক নিজাকৈ গোচৰ ৰুজু কৰি ৰাকেশ পালৰ বিৰুদ্ধে নিয়মীয়া তদন্তৰ বাবে অনুমতি প্ৰদান কৰে।

উল্লেখযোগ্য কথা এই যে ২০১৫চনত ৰাকেশ পালৰ আয় বৰ্হিভূত সম্পত্তিৰ প্ৰাথমিক তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ পাছতেই ৰাকেশ পালে সেই ৰায়ক প্ৰত্যাহ্বান জনাই দাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ। কিন্তু উচ্চতম ন্যায়ালয়ে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ তদন্তৰ ৰায়কে বাহাল ৰাখিছিল,ফলত অনুসন্ধানকাৰী সংস্থাটোৱে চলাই আহিছিল পালৰ বিৰুদ্ধে প্ৰাথমিক তদন্ত। 

ইয়াৰ উপৰিও আজি উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ বিৰুদ্ধে ২০১৫চনতে আৰটিআই কর্মী অক্ৰাম প্ৰশান্ত সিহাই দাখিল কৰা এক পিআইএলৰো ৰায় প্ৰদান কৰে। সেই অনুসৰি ইতিমধ্যে উচ্চ ন্যায়ালয়ে ২০১৩ চনৰ সংযুক্ত প্ৰতিযোগিতা মূলক পৰীক্ষাৰ এজনীয়া ন্যায়িক তদন্তৰ নির্দেশ দিছিল। কিন্তু ন্যায়ালয়ৰ সেই নির্দেশ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা কথা কোৱা সোনোৱাল চৰকাৰে ন্যায়িক তদন্তৰ বিষয়টো ন্যায়ালয়ক পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনাইছিল। আজি ন্যায়ালয়ে সোনোৱাল চৰকাৰৰ পুনৰীক্ষণৰ আৱেদন খাৰিজ কৰি ন্যায়িক তদন্তৰ পূৰ্বৰ নিৰ্দেশটোকে বাহাল ৰাখে।

Your Comments