জনীয়া সমষ্টিত বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব ছহিদুল ইছলামে!

zz

'ঐক্য সেনা,অসম'ৰ মুখ্য সম্পাদক ছহিদুল ইছলামে  পদত্যাগ কৰিছে।২০১৬ চনৰ পৰা তেওঁ সংগঠনটোৰ সৈতে ওত:প্ৰোতভাৱে জড়িত হৈ আছিল।বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে পদত্যাগ কৰে ইছলামে। 


সংবাদ মাধ্যমৰ আগত ব্যক্তিগত কাৰণত পদত্যাগ কৰিছে বুলি কয় যদিও হয়তো অতি সোনকালে  গেৰুৱা সাজ পৰিধান কৰিব 'ঐক্য সেনা,অসম'ৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে । তেওঁ লগতে কয়-যদিও 'ঐক্য সেনা,অসম'ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লৈছোঁ,তথাপিও সংগঠনটোৰ হকে সদায় কাম কৰি যাম।'
     

উল্লেখ্য যে জনীয়া সমষ্টিৰ উপনিৰ্বাচনত ছহিদুল ইছলামে বিজেপিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ বিষয়ে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে।


পদত্যাগী মুখ্য সম্পাদকগৰাকীক গামোচা,জাপি পিন্ধাই আৰু সম্বৰ্ধনাপত্ৰ প্ৰদানেৰে বিদায় সম্বৰ্ধনা জনাই সংগঠনটোৱে।

Your Comments