প্ৰবীণ অভিনেতা নিপন গোস্বামী চিকিৎসাধীন

nipan

নিউজ ডেস্ক :
অসমীয়া বোলছবি জগতৰ প্ৰবীণ জনপ্ৰিয় অভিনেতা নিপন গোস্বামী চিকিৎসাধীন। মহানগৰীৰ ছয়মাইলস্থিত জিএনআৰচি মেডিকেলত চিকিৎসাধীন হৈ আছে প্ৰবীণ অভিনেতা গৰাকী। খবৰ অনুসৰি প্ৰবীণ অভিনেতা গৰাকী আজি আবেলি  গা-ধুৱা ঘৰত পৰি ভৰিত আঘাত পাই চিকিৎসালয়ত ভৰ্তি হ'ব লগা হয়।ইফালে চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি অভিনেতা গৰাকীৰ আঘাত গুৰুতৰ নহয়। উল্লেখ্য যে গা-ধুৱা ঘৰত পৰি সো-ভৰিত আঘাত পাইছিল অভিনেতা গৰাকীয়ে।

Your Comments