আউনীআটীয় সত্ৰাধিকাৰ ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ ৬১ সংখ্যক জন্মতিথি পালন:আলোচনাচক্ৰ,কবি সন্মিলন অনুষ্ঠিত

ss

সোমবাৰে উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰত আউনীআটীয় সত্ৰাধিকাৰ ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ ৬১ সংখ্যক জন্মতিথি পালন কৰা হয়।জন্মতিথি উদযাপন সমিতিৰ উদ্যোগত সত্ৰৰ 'ঐতিহ্য ভৱন'ত অনুষ্ঠিত জন্মতিথি পালনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিষ্যসকলে তথা উত্তৰ গুৱাহাটীৰ দল-সংগঠন আৰু বহু গুণমুগ্ধ-শিষ্যই ডঃদেৱ গোস্বামীক সম্বৰ্ধনা জনায়।

f

কাৰ্যসূচী অনুসৰি পুৱা বৈদিক কৰ্ম,নাগাৰা নাম অনুষ্ঠিত কৰাৰ পিছত দুপৰীয়া সত্ৰীয়া সমাজ,নামঘৰীয়া সমাজ আৰু মহাপুৰুষীয়া সমাজৰ সৌজন্যত 'অসমীয়া সমাজ জীৱনত নামঘৰৰ প্ৰভাৱ' বিষয়ত আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।সত্ৰাধিকাৰ প্ৰফুল্ল প্ৰাণ মহন্তৰ সঞ্চালনত অনুষ্ঠিত আলোচনাচক্ৰত বিশিষ্ট সাহিত্যিক ডঃ ভৱানী প্ৰসাদ অধিকাৰীয়ে বক্তব্য প্ৰদান কৰি কয় যে নামঘৰকেন্দ্ৰিক সংস্কৃতিয়ে অসমীয়া জাতিৰ মেৰুদণ্ড।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শই অসমীয়া জাতিক ঐক্যবদ্ধ কৰি ৰখাৰ বাবেই অপশক্তিয়ে জাতিটোক থানবান কৰিব পৰা নাই।আলোচনাচক্ৰত সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে ভাষণ প্ৰদান কৰি কয় যে নামঘৰ অসমীয়া জাতিৰ অভিভাৱক।নামঘৰে অসমীয়া জাতিক শৃংখলাবদ্ধ কৰি ৰাখিছে।এই অভিভাৱকক সদায় সন্মান জনোৱাৰ প্ৰয়োজন।ডঃ গোস্বামীয়ে কয় যে নামঘৰত সেৱা জনাই অসমীয়াই দৈনন্দিন জীৱনৰ বিভিন্ন সমস্যাৰ সৈতে যুঁজাৰ মনোবলো লাভ কৰি আহিছে।

tt

আলোচনাচক্ৰৰ পিছত গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত ডঃপীতাম্বৰ দেৱ গোস্বামীৰ প্ৰৱন্ধ সংকলন 'চিন্তা বৈভৱ' উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াই।গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণ প্ৰসংগত ডঃ শইকীয়াই 'চিন্তা বৈভৱ'ক সত্ৰাধিকাৰগৰাকীৰ চিন্তা-চর্চাৰ দলীল আখ্যা দিয়ে।গ্ৰন্থখন গৱেষকসকলৰ বাবেও মূল্যৱান গ্ৰন্থ হিচাপে চিহ্নিত হ'ব বুলি বিশিষ্ট সাহিত্যিকগৰাকীয়ে উল্লেখ কৰে।

r

গ্ৰন্থ উন্মোচনৰ পিছতে অনুষ্ঠিত কবি সন্মিলনৰ আৰম্ভণিতে প্ৰথিতযশা অভিনেতা প্ৰাঞ্জল শইকীয়াই হীৰেন ভট্টাচাৰ্যৰ 'মোৰ দেশ' কবিতাটো আবৃত্তি কৰি উপস্থিত সকলোকে আপ্লুত কৰে।ৰবীন ভূঞাই আঁত ধৰা কবি সন্মিলনত উমাকান্ত শৰ্মা শাস্ত্ৰী,বেদব্ৰত মিশ্ৰ,দেৱ প্ৰসাদ তালুকদাৰ,স্বপ্নালী মহন্ত,ডেনী গাম,অতুল শৰ্মা,ৰাজকমল চাংকাকতি আদিকে ধৰি ৬০ গৰাকীতকৈ অধিক কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।ৰাম নিৰালাই নেপালী ভাষাত,ললিত কুমাৰ ঝাই মৈথিলী ভাষাত,শতাব্দী সোণোৱালে ইংৰাজী ভাষাত কবিতা পাঠ কৰে।কবি সন্মিলনৰ পিছত স্থানীয় মহিলাৰ গোটে দিহা নাম পৰিৱেশন কৰে।নিশালৈ বৈষ্ণৱ কৃষ্টি-সংস্কৃতি প্ৰতিফলিত হোৱা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।উল্লেখ্য যে অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰা আৰু উচ্চ কৃতিত্ব প্ৰদৰ্শন কৰা বিদ্যাৰ্থীসকলক আউনীআটী সত্ৰৰ তৰফৰ পৰা সম্বৰ্ধনাও জনোৱা হয়।

Your Comments