মাওবাদীৰে সংঘৰ্ষত নিহত অসমৰ এছএছবি জোৱান ছহিদ নীৰজ চেত্ৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে।যোৱা ৪ জুনত ছহিদ নীৰজ চেত্ৰীৰ পিতৃ টিক্কা বাহাদুৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত গৃহমন্ত্ৰী শ্বাহে নীৰজৰ যোৱা ২ জুনত হোৱা মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।
নীৰজ চেত্ৰীয়ে দেশসেৱাত সৰ্বোচ্চ বলিদান দিলে বুলি গৃহমন্ত্ৰীয়ে উল্লেখ কৰে।এই দুখৰ সময়ত সমগ্ৰ ৰাষ্ট্ৰ নীৰজৰ পিতৃৰ সৈতে আছে বুলি গৃহমন্ত্ৰীয়ে কয়।ঈশ্বৰে যাতে নীৰজৰ পিতৃক এই অপূৰণীয় ক্ষতিৰ সন্মুখীন হ'বলৈ সাহস দিয়ে,তাৰ বাবে ঈশ্বৰৰ ওচৰত প্রার্থনা কৰিছে বুলি গৃহমন্ত্ৰীয়ে মন্তব্য কৰে।
- Log in to post comments
- 33 views