বঙাইগাঁওঃ ৭ জুনঃ
অগপ দলৰ জ্যেষ্ঠ নেতা, বঙাইগাঁৱৰ বিধায়ক তথা বৰ্তমানৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী গৰুৰ ব্যৱসায়ৰ চিণ্ডিকেটৰ লগত জড়িত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে আজি বিয়লিৰ ভাগত ৬ নং বৰপেটা লোক সভা সমষ্টিৰ নৱ নিৰ্বাচিত কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ সৈতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰে ৷ উল্লেখ্য যে বৰপেটা লোক সভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে নিৰ্বাচনত জয়লাভ কৰাৰ পাছত বৃহস্পতিবাৰৰ আবেলি বঙাইগাঁৱত উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ লগতে বিভিন্ন অঞ্চলো পৰিদৰ্শন কৰে ৷ পিছত আজি বিয়লিৰ ভাগত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি আদিৰ সৈতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত উপস্থিত হৈ এক সংবাদ মেল সম্বোধন কৰে ৷
এই সংবাদ মেলতে জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীক তীব্ৰ সমালোচনা কৰি কয় যে বিধায়কগৰাকীৰ নিকা ভাৱমূৰ্তি থকা বুলি কয় যদিও আচলতে তেনে কোনো নিকা ভাৱমূৰ্তি নাই ৷ কেৱল টকাৰ জোৰত আৰু আনৰ কান্ধত উঠিহে নিৰ্বাচনত জয়ী হৈ আছে ৷ ইপিনে জিলাখনত বহু অনৈতিক ঘটনা সংঘটিত হৈ আছে বুলি মন্তব্য কৰি জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ফণীভূষণ চৌধুৰীয়ে বিভিন্ন সময়ত ডাঙৰ ডাঙৰ কথা কৈ আহিছে যদিও ইয়াত গৰুৰ ব্যৱসায়ৰ চিণ্ডিকেট চলি আছে ৷ তেওঁলোক আহক, আমি কোন কোন ট্ৰাকত গৰু গৈ আছে সেই গাড়ীৰ নম্বৰবোৰ কৈ দিম আৰু কোন পথেৰে যায় তাকো কম ৷ আমি মুখ খোলা নাই ৷ ধৈৰ্য ধৰি আছো ৷ তিনি বছৰ চালো ৷ গতিকে মুখ্যমন্ত্ৰী আৰু ফণীভূষণ চৌধুৰীয়ে সততাৰ কথা কৈ লাভ নাই ৷
জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আনকি গৰু ব্যৱসায়ৰ চিণ্ডিকেটৰ সৈতে মুখ্যমন্ত্ৰী আৰু স্থানীয় মন্ত্ৰীগৰাকী জড়িত থকা বুলিও অভিযোগ উত্থাপন কৰে৷ ইয়াৰ উপৰিও স্থানীয় মন্ত্ৰীগৰাকীৰ জ্ঞাতসাৰেই বঙাইগাঁও জিলাত তীৰ খেল, কয়লাৰ চিণ্ডিকেট,অবৈধ মদৰ বেহাকে ধৰি নানা অনৈতিক কাম চলি থকা বুলিও অভিযোগ কৰে ৷ লগতে এই বিষয়সমূহক লৈ জিলা কংগ্ৰেছে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে ৷ আনহাতে সংবাদ মেলত নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে বঙাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত চিকিবিকিৰ চাবেৰ আলি নামৰ কংগ্ৰেছ দলৰ কৰ্মীগৰাকীত এদল দুৰ্বৃত্তই আক্ৰমণ কৰি হত্যা কৰা ঘটনাৰ লগত জড়িত মূল অভিযুক্তক বঙাইগাঁও আৰক্ষী প্ৰশাসনে বৰ্তমানলৈকে গ্ৰেপ্তাৰ নকৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সাংসদগৰাকীয়ে সংবাদ মেলত কয় যে বিগত ২৬ এপ্ৰিলত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল আৰু পিছত ২৮ এপ্ৰিলত চাবেৰ আলিৰ মৃত্যু হৈছিল ৷ মৃত চাবেৰ আলি অতি দুখীয়া ঘৰৰ আছিল ৷ তিনিটাকৈ সৰু সৰু সন্তান আছে ৷
আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত জড়িত কেইজনমানক গ্ৰেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত জেহেৰুল ইছলামক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই ৷ জেহেৰুল ইছলামৰ পত্নী অসম গণ পৰিষদ দলৰ গাঁও পঞ্চায়তৰ সদস্যা ৷ সমগ্ৰ অসমত বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ স্বচ্চ ভাৱমূৰ্তি আছে ৷ মইও বিশ্বাস কৰিছিলো আৰু এতিয়াও বিশ্বাস কৰো ৷ কিন্তু মই আচৰিত হৈছো যে ২৬ এপ্ৰিলতে তেঁৱৰ সমষ্টিত এই হত্যাকাণ্ড সংঘটিত হৈছে আৰু তেঁৱৰ দলৰে এজন সদস্যৰ বিৰুদ্ধে এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতো এতিয়ালৈকে কিন্তু হত্যাকাৰী গ্ৰেপ্তাৰ হোৱা নাই ৷ তাৰোপৰি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়েও আজিলৈকে মৃত চাবেৰ আলিৰ পৰিয়ালটোৰ খবৰ ল'বলৈ আহৰি পোৱা নাই ৷ এই হত্যাকাণ্ডৰ বলি হোৱা চাবেৰ আলি সাধাৰণ আৰু দুখীয়া পৰিয়ালৰ লোক আছিল আৰু তিনিটাকৈ সন্তান আছে ৷ সেয়ে মন্ত্ৰীগৰাকীয়ে মানৱতাৰ খাতিৰত হলেও মৃত চাবেৰ আলিৰ ঘৰত এবাৰ যোৱাৰ প্ৰয়োজন আছিল বুলি ভাবো ৷
এতিয়াও সময় উকলি যোৱা নাই ৷ গতিকে দলীয় ৰাজনীতি পৰিহাৰ কৰি অসমৰ ৰাইজৰ মাজত তেৱঁৰ যি উজ্বল ভৱমূৰ্তি আছে, এই ভাৱমূৰ্তি যাতে তেখেতে বাহাল ৰাখে তাৰ বাবে পৰিয়ালটোৰ খবৰ ল'বলৈ আহ্বান জনায় ৷ এইক্ষেত্ৰত মন্ত্ৰীগৰাকীক নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিবলৈও আহ্বান জনায় ৷ অৱশ্যে হত্যাকাণ্ড সংঘটিত হৈ যোৱাৰ সূদীৰ্ঘ দিন পাৰ হৈ যোৱাৰ পিছতো মূল অভিযুক্ত গ্ৰেপ্তাৰ নোহোৱাতো ৰহস্যজনক বুলি কয় ৷ সাংসদজনে চাবেৰ আলিৰ হত্যাকাণ্ডটো এটা ৰাজনৈতিক হত্যাকাণ্ড আৰু নিৰ্মম হত্যাকাণ্ড বুলি মন্তব্য কৰি এই হত্যাকাণ্ডৰ উচিত বিচাৰ তথা তদন্তৰ দাবী জনায় ৷ লগতে দুই- তিনিদিনৰ ভিতৰত যদি আৰক্ষী প্ৰশাসনে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কংগ্ৰেছ দলে সমগ্ৰ বিষয়টো শীৰ্ষ পৰ্যায়লৈ লৈ যোৱাৰ লগতে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিব বুলিও কয় ৷ ইপিনে 'ডি' ভোটাৰ প্ৰসংগত সাংসদগৰাকীয়ে কয় যে হিন্দুত্ববাদৰ কথা কৈ ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ আমোলত হিন্দুসকলেও 'ডি' ভোটাৰ আৰু সন্দেহযুক্ত বিদেশীৰ নামত হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে ৷ তেৱঁৰ মতে বিজেপি চৰকাৰৰ আমোলত বাংলাদেশতকৈ অসমতহে হিন্দু বাঙালীসকলে অধিক অত্যাচাৰ আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে বুলিও কয় ৷
উল্লেখ্য যে সাংসদগৰাকীয়ে হত্যাৰ বলি হোৱা চাবেৰ আলিৰ গৃহত উপস্থিত হৈ পৰিয়ালটোৰ খা-খবৰো লয় ৷ সংবাদ মেলত জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে কংগ্ৰেছ কৰ্মীগৰাকীৰ হত্যাকাণ্ড সন্দৰ্ভত কয় যে হত্যাকাণ্ডটোত দহজন লোক জড়িত আছিল যদিও আৰক্ষীয়ে পাঁচজনক গ্ৰেপ্তাৰ কৰে যদিও মূল অভিযুক্ত জেহেৰুল ইছলাম আৰু আন চাৰিজনক গ্ৰেপ্তৰ কৰা হোৱা নাই ৷ এই ক্ষেত্ৰত ৰাজনৈতি হস্তক্ষেপ আছে বাবে প্ৰশাসনে আগবাঢ়িব পৰা নাই বুলি আমাৰ সন্দেহ হৈছে ৷ গতিকে ফণীভূষণ চৌধুৰীয়ে ৰাজনৈতিক হস্তক্ষেপ বাদ দিয়ক আৰু জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক কাম কৰাৰ সুযোগ দিব লাগে ৷ আমাৰ কংগ্ৰেছ দলত যদি কোনোবা হত্যাকাৰী থাকে বা অসামাজিক কামত জড়িত মানুহ থাকে তেতিয়াহলে আমি তৎকালীনভাৱে তেনে লোকক উলিয়াই দিম ৷ তেৱঁৰ যদি সাহস আছে উলিয়াই দিয়ক ৷
কিন্তু তেঁৱৰ সাহস নাই ৷ এনে অসামাজিক কাম কৰিয়ে তেওঁ বিধায়ক হৈ আছে ৷ মানুহে এতিয়া এইবোৰ বুজি পাইছে বুলিও কয় ৷ সংবাদ মেলত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্য, জিলা কংগ্ৰেছৰ সম্পাদক প্ৰদীপ লোধ ৰায় আদিও উপস্থিত থাকে ৷ সংবাদ মেলৰ পিছতে সাংসদগৰাকীয়ে প্ৰেছ ক্লাবৰ সদস্যসকলৰ সৈতে মত বিনিময়ো কৰে ৷ নৱ নিৰ্বাচিত সাংসদগৰাকীক প্ৰেছ ক্লাবৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনাও জনোৱা হয় ৷
- Log in to post comments
- 265 views