নিউজ ডেস্ক :
অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া ছানাউল্লাহ 'বিদেশী ঘোষিত' সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান কৰে।সেই অনুসৰি বিদেশীৰ গোচৰত অভিযুক্ত ছানাউল্লাহৰ জামিন মঞ্জুৰ কৰে আজি ন্যায়ালয়ে।লগতে আজি ন্যায়ালয়ে আৰক্ষী বিষয়াগৰাকীৰ গোচৰটো তদন্ত কৰা আৰক্ষীৰ বিষয়া চন্দ্ৰমল দাসলৈ জাননী জাৰি কৰে।
ইয়াৰ উপৰিও গোচৰটোত জড়িত থকা অসম চৰকাৰ, প্ৰতিৰক্ষা মন্ত্ৰণালয় ,এনআৰচি কৰ্তৃপক্ষ আৰু ভাৰত চৰকাৰলৈ জাৰি কৰে জাননী।এই কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ছানাউল্লাহৰ অধিবক্তা বোঢ়ানুৰ ৰহমানে।উল্লেখ্য যে বিদেশী ঘোষিত হোৱাৰ পিছতে ডিটেনচন কেম্পত আছিল আৰক্ষী বিষয়াগৰাকী।
২০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত জামিন মঞ্জুৰ কৰা হয় প্ৰাক্তন সেনা বিষয়াগৰাকীৰ।আনহাতে,ছানাউল্লাহৰ জামিন গ্রহণৰ বাবে প্ৰয়োজন হ'ব দুজন জামিনদাৰৰ।
- Log in to post comments
- 10 views