নিউজ ডেস্ক :
শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ দাবীত 'সচেতন নাগৰিক মঞ্চ, অসম'ৰ উদ্যোগত আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে গণ স্বাক্ষৰ অভিযান।গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ সিদ্ধিনাথ শৰ্মা ভৱনত আজি এই গণ স্বাক্ষৰ অভিযানৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয়।চন্দন ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে দয়ানন্দ পাঠক, কনকসেন ডেকা, অভিজিৎ শৰ্মা, জয়কান্ত শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ লগতে অন্যান্য বহুসংখ্যক ব্যক্তি। উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যৰ মুঠ ৭৮ টা মহকুমাত এই গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰা হৈছে।
ইফালে কাইলৈৰ পৰা চক্ৰ বিষয়া কাৰ্যালয়,গাঁও পঞ্চায়ত আদি সকলোতে আৰম্ভ কৰা হ'ব এই গণ স্বাক্ষৰ অভিযান।মঞ্চই জানিবলৈ দিয়া অনুসৰি অহা ২৬ জুলাইলৈকে তেওঁলোকে চলাব এই অভিযান।এই অভিযানত তেওঁলোকৰ লক্ষ্য হ'ব ৫০লাখ ব্যক্তিৰ স্বাক্ষৰ সংগ্ৰহ কৰা।তাৰ পিছত এই গণ স্বাক্ষৰ পত্ৰ দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব।
লগতে এই স্বাক্ষৰৰ জৰিয়তে তেওঁলোকে ৩১জুলাইত প্ৰকাশ পাব লগা চূড়ান্ত এনআৰচি ১০ শতাংশ পুনৰীক্ষণ কৰাৰ দাবী জনাব। আনহাতে এই অভিযানত সমগ্ৰ ৰাজ্যত তেওঁলোকৰ মঞ্চৰ ৮৫০০ সদস্য জড়িত হ'ব বুলিও জানিবলৈ দিয়ে।
- Log in to post comments
- 9 views