গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত 'আৰক্ষী মিলন সমাৰোহ'

ap

তপন বৰগোহাঁই

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা হ'ল আৰক্ষী মিলন সমাৰোহৰ। চতুৰ্থ অসম আৰক্ষী বাহিনী, কাহিলীপাৰাত এই সমাৰোহ অনুষ্ঠিত কৰা হয়।শুকুৰবাৰে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই 'আৰক্ষী মিলন সমাৰোহ'ত  উপস্থিত হৈ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা আৰক্ষী প্ৰশাসনৰ লোকসকলে ব্যক্ত কৰিলে নিজৰ অসুবিধাসমূহ। 


অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া।অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ আগত এজন কনিষ্টবলে কয় যে অসম আৰক্ষীত নহয় পদোন্নতি। যিসকল লোকে কনিষ্টবল হিচাপে অসম আৰক্ষীত নিযুক্তি লাভ কৰে সেইসকল লোকৰ ল'ৰা- ছোৱালী ডাঙৰ হোৱালৈকে কনিষ্টবল হিচাপেই চাকৰি কৰি থাকিব লাগে।আৰক্ষী মিলন সমাৰোহত উপস্থিত থকা আন এজন কনিষ্টবলে মন্তব্য কৰে যে অসম পুলিচৰ ৰেচনৰ বাবদ দিয়া ১২০০ টকাৰে সম্পূৰ্ণকৈ কিনিব নোৱাৰে ৰেচন।সেয়েহে এই ৰেচনৰ মূল্য ১২০০ টকাতকৈ অধিক কৰিব লাগে। 
       

আৰক্ষীৰ লোকসকলৰ সকলো কথা শুনাৰ পিছত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই কয়- এই আৰক্ষীৰ মিলন সমাৰোহৰ মূল উদ্দেশ্য এটাই আৰু সেইটো হ'ল আমি সকলোৰে লগত মুখামুখি হৈ কথাসমূহ যাতে আলোচনা কৰিব পাৰো আৰু তেওঁলোকৰ সমস্যাসমূহ  সমাধান কৰিব পাৰো। 
     

আৰক্ষীৰ লোকসকলে উল্লেখ কৰা সমস্যাসমূহ সোনকালে সমাধান কৰাৰ  বাবে অসম আৰক্ষীৰ বিষয়ববীয়াসকলক অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে পৰামৰ্শ দিয়ে।অনুষ্ঠানটোৰ শেষত সঞ্চালক প্ৰধানগৰাকীয়ে  কিছুসংখ্যক আৰক্ষীৰ লোকক পুৰস্কৃত কৰে।

Your Comments