উত্তৰ প্ৰদেশৰ আলিগড়ত আঢ়ৈ বছৰীয়া কন্যাক দুৰ্বৃত্তৰ হত্যা:দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

aparadh

নিউজ ডেস্ক:
উত্তৰ প্ৰদেশৰ আলিগড়ত এগৰাকী আঢ়ৈ বছৰীয়া কন্যাক দুৰ্বৃত্তই হত্যা কৰাক লৈ দেশজুৰি তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।৩০ মে'ত ঘৰৰ সন্মুখত খেলি থকা অৱস্থাৰ পৰা নিৰুদ্দেশ হোৱা কন্যা শিশুটোৰ মৃতদেহ ২ জুনত এটা ডাষ্টবিনত উদ্ধাৰ কৰা হৈছিল।শিশুটিৰ পিতৃৰ সৈতে বিবাদ থকা দুটা দুৰ্বৃত্তই শিশুটিক হত্যা কৰিছিল।ঘটনাটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত জনতাই দুৰ্বৃত্তৰ শাস্তিৰ দাবীৰে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।ইফালে, ঘটনাটো সংঘটিত কৰা দুয়োটা দুৰ্বৃত্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।


আনহাতে,কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইট কৰি অপৰাধীয়ে শীঘ্ৰে কঠোৰ শাস্তি লাভৰ ক্ষেত্ৰত তড়িৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ উত্তৰ প্ৰদেশৰ আৰক্ষীক আহ্বান জনাইছে।

Your Comments