বায়ু প্ৰদূষণ ৰোধৰ সংকল্প গ্ৰহণেৰে আজি বিশ্ব পৰিৱেশ দিৱস পালন

paribex

নিউজ ডেস্ক:
আজি বিশ্ব পৰিৱেশ দিৱস।পৰিৱেশ-পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে বিশ্বজুৰি জনতাৰ মাজত সজাগতা সৃষ্টিৰ বাবে ১৯৭৪ চনৰ পৰা ৰাষ্ট্ৰসংঘই পালন কৰিবলৈ আৰম্ভ কৰা বিশ্ব পৰিৱেশ দিৱস বিশ্বৰ প্ৰায় প্ৰতিখন ৰাষ্ট্ৰতে পালন কৰা হৈ আহিছে।


২০১৯ বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয় হৈছে 'বায়ু প্ৰদূষণ'।বায়ু প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ চৰকাৰসমূহ,উদ্যোগ প্ৰতিষ্ঠানৰ গৰাকীসকল তথা সৰ্বসাধাৰণ নাগৰিকসকলক যথোপযুক্ত ভূমিকা পালন কৰাৰ আহ্বানেৰে আজি বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হ'ব।উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ তথ্য মতে প্ৰতি বছৰে বায়ু প্ৰদূষণৰ বাবে বিবিধ ৰোগ-শাৰীৰিক সমস্যাত আক্রান্ত হৈ প্ৰতি বছৰে ৭০ লাখ লোকে প্ৰাণ হেৰুৱাব লগা হয়।

Your Comments