নিউজ ডেস্ক :
বিগত দুটা বছৰৰো অধিক কাল প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলৰ সতি-সন্ততি ছাত্ৰ-ছাত্ৰী সকলক, বিশেষকৈ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ সকলক সহায় কৰাৰ বাবে "অসম নাগৰিক সমাজ"ৰ উদ্যোগত আজিৰ পৰা অৰ্থ সাহায্য সংগ্ৰহ অভিযানৰ আৰম্ভনি ঘটোৱা বুলি জানিব পৰা গৈছে ।সংবাদ মাধ্যমক এই কথা জানিবলৈ দিছে দিছে "অসম নাগৰিক সমাজ"ৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে। তেওঁ কয় দীৰ্ঘদিন ধৰি দৰমহাৰ পৰা বঞ্চিত কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ বহুসংখ্যক লৰা ছোৱালীয়ে ২০১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। কিন্তু তেওঁলোকৰ কৰ্মচাৰী পিতৃ-মাতৃ সকলে দীৰ্ঘদিন ধৰি দৰমহা নোপোৱাৰ বাবে সন্তান সকলক উচ্চশিক্ষা গ্ৰহণৰ অৰ্থে কলেজত নামভৰ্তি কৰোৱাবলৈ অসমর্থ হৈ পৰিছে। কাৰণ দীৰ্ঘদিনে দৰমহাৰ পৰা বঞ্চিত হৈ তেওঁলোকৰ বৰ্তমানে দুবেলা দুমুঠি খাবলৈও অৰ্থৰ অভাৱ।
আজি বহুদিনৰ পৰাইকাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী সতি-সন্ততিৰ উচ্চশিক্ষা গ্ৰহণ কৰাৰ হেঁপাহ থকাৰ পিছতো অৰ্থৰ অভাবৰ বাবে শিক্ষা জীৱন ত্যাগ কৰাটো এক সাধাৰণ ঘটনা হৈ আহিছে। এই সমূহ কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসম নাগৰিক সমাজে আজিৰ পৰা ১৫ দিনীয়াকৈ এক অস্থায়ী পুঁজি সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছে। তেওঁলোকে লগতে জনাইছে যে যিসকল আগ্ৰহী ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলৈ অৰ্থসাহায্য আগবঢ়াব বিচাৰে তেওঁলোকৰ বাবে অসম নাগৰিক সমাজে এটা সুকীয়া বেংক একাউণ্টৰ ব্যৱস্থা কৰিছে। উক্ত বেংক একাউণ্টটোৰ সবিশেষ হৈছে-
#অসম নাগৰিক সমাজ
#ইউনাইটেড বেংক অৱ ইণ্ডিয়া।
#এ.টি ৰোড শাখা গুৱাহাটীৰ-১।
# একাউণ্ট নম্বৰ-০৪৫৫০১০১১৪৫৮৫।
#আইএফএছচি- UTBIOATR৩৭৬।
ইয়াৰ উপৰিও সকলোৰে সুবিধা হোৱাকৈ ৰাইজৰ বাবে এটা ফোন নম্বৰৰো ব্যৱস্থা কৰিছে।সাহায্যৰ বাবে বেংক একাউণ্টত টকা জমা কৰা প্ৰতিগৰাকী ব্যক্তিৰ পৰিচয় প্ৰেৰণ কৰিবলৈও তেওঁলোকে আহ্বান জনাইছে।ফোন নম্বৰটো হৈছে ৯৮৬৪১১০৪৫৫।
অসম নাগৰিক সমাজৰ হৈ জনসাধাৰণলৈ এই আহ্বান জনাইছে সভাপতি হৰেকৃষ্ণ ডেকা, কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞা, উপসভাপতি প্ৰশান্ত ৰাজগুৰুকে আদি কৰি সমাজৰ সদস্য সকলে।
- Log in to post comments
- 27 views