নিউজ ডেস্ক :
মহানগৰ উন্নয়ণৰ লক্ষ্য আগত লৈ পাণবজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ মুখ্য কাৰ্যালয়ত সোমবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক।গুৱাহাটী পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত মুখ্য আয়ুক্ত দেৱেশ্বৰ মালাকাৰৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ সকলোবোৰ বিভাগৰ বিষয়াসকল।আবেলি প্ৰায় ৪ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটাৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। লগতে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ বিভাগসমূহক দিয়া হয় কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। তাৰ ভিতৰত আছে- ২০১৮-১৯ বর্ষৰ যিসমূহ কাম পৌৰ নিগমৰ অধীনত বৰ্তমান সময়তো সম্পূৰ্ণ হোৱা নাই, সেইসমূহ অহা তিনিমাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সকলো বিভাগকে নিৰ্দেশ প্ৰদান কৰা হৈছে।লগতে পৌৰ নিগমৰ অধীনত সম্পূৰ্ণ হোৱা প্ৰতিখন আঁচনিৰ কামৰ দায়িত্ব থকা কাৰ্যবাহী অভিযন্তাগৰাকীয়ে নিজে গৈ তাৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। ইফালে, সোমবাৰৰ বৈঠকতে ২০১৯-২০ বর্ষৰ কাৰণে গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো খণ্ডকে নিজৰ নিজৰ এলেকাৰ প্ৰয়োজনীয় আঁচনিসমূহৰ বিষয়ে অতি সোনকালে পৌৰ নিগমক অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। গুৱাহাটীৰ পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত মুখ্য আয়ুক্ত দেৱেশ্বৰ মালাকাৰে বৈঠকত কয় যে মহানগৰবাসীৰ সুবিধাৰ বাবে ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰাৰ বাবে খালি ঠাই চিনাক্ত কৰি তাৰ প্ৰতিবেদন দিবলৈ বিষয়াসকলক দায়িত্ব দিয়া হৈছে।উল্লেখ্য যে নতুনকৈ নিৰ্মাণ কৰিব লগা শৌচালয়সমূহত উপযুক্ত পানীৰ ব্যৱস্থা থাকিব। ব্যৱহাৰ কৰাৰ সময়ত জনসাধাৰণে সামান্য মাচুল দিব লাগিব। ইফালে মহানগৰৰ বজাৰসমূহতো ৰাজহুৱা শৌচালয় আৰু পানীৰ ব্যৱস্থা পৌৰ নিগমে কৰিব বুলি জানিবলৈ দিয়ে।
অসম চৰকাৰৰ প্লাষ্টিক বর্জনৰ আইনৰ অধীনত মহানগৰীতো প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰা হৈছে। প্ৰথম অৱস্থাত গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা সকলোকে পলিথিন ব্যৱহাৰ নকৰিবলৈ প্ৰচাৰৰ জৰিয়তে অৱগত কৰিব বুলি জানিবলৈ দিছে।তাৰ পৰৱৰ্তী সময়ত আইনৰ অধীনত পৌৰ নিগমে পলিথিন ব্যৱহাৰ কৰা ব্যৱসায়ীৰ লগতে গ্ৰাহকৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি জৰিমনা পৰ্যন্ত বিহাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়।
একেদৰে পৌৰ নিগমৰ অধীনৰ ভূমি বেদলমুক্ত কৰাৰ বাবে বৈঠকত কাৰ্যবাহী অভিযন্তাসকলক নিজৰ নিজৰ এলেকাসমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে নির্দেশ প্ৰদান কৰা হয়।যদি এতিয়াৰ পৰা গুৱাহাটী পৌৰ নিগমৰ অধীনৰ ভূমি বেদখল কৰা হয়, তেন্তে তাৰ বাবে সেই এলেকাৰ দায়িত্ব থকা বিষয়াজন দায়ী হ'ব।
আনহাতে বৈঠকত লোৱা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো কাৰ্যালয়তে প্ৰতিদিনে সুবিধা অনুযায়ী বিষয়াসকল প্ৰতিদিনৰ কামৰ সন্দৰ্ভত এবাৰ বৈঠকত মিলিত হ'ব লাগিব। সেই অনুযায়ী গুৱাহাটী পৌৰ নিগমৰ মুখ্য কাৰ্যালয়ত সদায় পুৱা ১০ বজাত পৌৰ নিগমৰ মুখ্য আয়ুক্তৰ নেতৃত্বত দিনটোৰ কৰিব লগা কামৰ সম্পৰ্কত বৈঠক অনুষ্ঠিত হ'ব।
ইফালে,মহানগৰীত পৌৰ নিগমৰ চাফাইকর্মী পৰ্যাপ্ত নথকাৰ বাবে বহুসময়ত পৌৰ নিগম সমালোচনাৰ সন্মুখীন হয়।সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ বৈঠকত প্ৰতিটো খণ্ডৰ অভিযন্তাসকলক নিজৰ নিজৰ এলেকাৰ প্ৰয়োজনীয় চাফাইকর্মীৰ হিচাপ পৌৰ নিগমৰ পাৰ্চনেল ব্ৰাঞ্চক দাখিল কৰিবলৈ নির্দেশ প্ৰদান কৰে। সেই তথ্যৰ ভিত্তিত প্ৰয়োজনীয় চাফাইকর্মী অতি সোনকালে নিয়োগ কৰা হ'ব বুলি জানিবলৈ দিয়ে।আনহাতে বৰ্তমান সময়ত সমগ্ৰ মহানগৰীত ৫৮টাকৈ বে-চৰকাৰী সংস্থা জাবৰ জড়িত হৈ আছে। সেইসমূহৰ বিৰুদ্ধে বহুসময়ত মহানগৰবাসীক পৰ্যাপ্ত সেৱা প্ৰদান নকৰাৰ অভিযোগ আহে। তাৰ বাবে এতিয়াৰে পৰা প্ৰতিটো বেচৰকাৰী সংস্থাৰ কামৰ খতিয়ান প্ৰত্যেক ১৫ দিনৰ মূৰে মূৰে দায়িত্বত থকা কাৰ্যবাহী অভিযন্তাজনে মুখ্য কাৰ্যলয়ত দাখিল কৰিব লাগিব।যদি কোনো বেচৰকাৰী সংস্থাৰ কামৰ খতিয়ান ভাল নহয়,তেনে সংস্থাক কামৰ পৰা অব্যাহতি দিয়া হ'ব বুলি উল্লেখ কৰে ।গুৱাহাটীৰ পৌৰ নিগমৰ নিয়ম অনুসৰি চাফাই কামত জড়িত থকা বেচৰকাৰী সংস্থাসমূহে সপ্তাহত দুটা দিন মঙলবাৰ আৰু শুকুৰবাৰে শুকান জাবৰ নিয়াৰ উপৰিও সপ্তাহৰ প্ৰত্যেকদিনে অন্যান্য জাবৰ নিবৰ বাবে তেওঁলোক আহিব লাগে।ইয়াৰ উপৰিও পৌৰ নিগমৰ অধীনত এতিয়া কেৱল ফাঁচী বজাৰতহে ৰাতি চাফাই অভিযান চলে।কিন্তু এতিয়াৰে পৰা মহানগৰৰ প্ৰায়সমূহ বজাৰ,বিশেষকৈ বেলতলা বজাৰ,পল্টনবজাৰ আদিত ৰাতি চাফাই অভিযান চলিব।
আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে পৌৰ নিগমৰ আৱৰ্জনা কঢ়িওৱাৰ বাবে বৰ্তমান সময়ত বাহনৰ পৰা আদি কৰি যিসমূহ সামগ্ৰী অপৰ্যাপ্ত হৈ আছে, লগতে জনসাধাৰণক পানী যোগানৰ ধৰাৰ বাবে যি পানী টেংকাৰৰ সংখ্যা কম হৈ আছে,সেইসমূহ সামগ্ৰী ক্ৰয় কৰাৰ বাবে ষষ্ঠ বিত্ত আয়োগৰ অধীনত চৰকাৰৰ ওচৰত আবেদন দাখিল কৰিব। লগতে মহানগৰবাসীক ডেংগু, মেলেৰিয়া আদিৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ ষষ্ঠ বিত্ত আয়োগৰ অধীনত পৌৰ নিগমে নিজাববীয়াকৈ ফ'গিং মেচিন ক্ৰয় কৰাৰ বাবে চৰকাৰক আবেদন কৰিব।কাৰণ, বৰ্তমান সময়ত কেৱল স্বাস্থ্য বিভাগৰ ফালৰ পৰাহে মহানগৰবাসীৰ বাবে কেৱল ফ'গিং মেচিনৰ ব্যবস্থা কৰিছে। ইয়াৰ উপৰিও মহানগৰীত বহু ব্যৱসায়িক প্ৰতিষ্ঠান পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ বিহীনভাৱে গঢ় লৈ উঠিছে। সেইসমূহক নাকি লগাবৰ বাবে সমগ্ৰ মহানগৰীত পৌৰ নিগমে প্ৰাইভেট মাৰ্কেটসমূহ পুনৰীক্ষণ কৰিব।সেই অনুসৰি বেআইনীভাৱে গঢ়ি উঠা মাৰ্কেটসমূহৰ বিৰূদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা বাবে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ হয়।
সোমবাৰৰ বৈঠকত গুৱাহাটী পৌৰ নিগমে মহানগৰবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি যিসকলে ২০১৮চনৰ জুনমাহৰ আগত অফলাইন পদ্ধতিত বিল্ডিং পাৰ্মিচন উলিয়াইছিল।সেইসকলে যদি এতিয়াও সম্পূৰ্ণ প্ৰপত্ৰ দাখিল কৰা নাই,তেওঁলোকৰ বাবে পৌৰ নিগমৰ ফালৰ পৰা অহা ১৪ আৰু ১৫জুনত উজান বজাৰৰ পৌৰ নিগমৰ কাৰ্যলয়ত অফলাইন পদ্ধতিত বাকী থকা প্ৰপত্ৰসমূহ দাখিল কৰি বিল্ডিং পাৰ্মিটৰ বিষয়টো এতিয়াও নিষ্পত্তি কৰাৰ বাবে এক সুযোগ প্ৰদান কৰিছে। সেই সুযোগতো যিয়ে প্ৰপত্ৰ সমূহ দাখিল নকৰিব, তেওঁলোকৰ বিল্ডিং পাৰ্মিট সম্পূৰ্ন কৰ্তন কৰি দিয়া হ'ব।ফলত তেওঁলোকে পুনৰ অনলাইনৰ জড়িয়তে প্ৰথমৰ পৰা আবেদন কৰিব লাগিব। উল্লেখ্য যে আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি এতিয়াৰ পৰা মহানগৰীত এতিয়াৰ পৰা কেৱল অনলাইনৰ জৰিয়তে সম্পত্তিৰ কৰ সংগ্ৰহ কৰা হ'ব। পূৰ্বতে পৌৰ নিগমে ঘৰে ঘৰে গৈ সম্পত্তি কৰ সংগ্ৰহ কৰিছিল।ইফালে যিসকল ব্যক্তিয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰিব নাজানে,সেই সকলৰ বাবে পৌৰ নিগমৰ ফালৰ পৰা 'হেল্প ডেক্স'ৰ ব্যৱস্থা কৰিব। ইফালে মহানগৰীক পৰিষ্কাৰ কৰি ৰখাৰ বাবে প্ৰতিখন দোকানৰ সন্মুখত দুটা ডাষ্টবিন এতিয়াৰে পৰা ৰাখিব লাগিব বুলি জানিবলৈ দিয়ে। যিখন দোকানৰ সন্মুখত ডাষ্টবিনৰ ব্যৱস্থা নাথাকিব,তেনে দোকানৰ বিৰুদ্ধে আইনী ব্যবস্থা লোৱাৰ লগতে ট্ৰেড লাইচেন্স পৰ্যন্ত বাতিল হ'ব বুলি উল্লেখ কৰে।
আনহাতে,আগন্তক অম্বুবাচী মেলা সন্দৰ্ভতো সোমবাৰৰ পৌৰ নিগমৰ বৈঠকত লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সেই অনুসৰি কামাখ্যা মন্দিৰলৈ যোৱা পথত পূৰ্বতকৈ বৃদ্ধি পাব ষ্টীট লাইট।লগতে অম্বুবাচীৰ দিনকেইটাত পাইপৰ জৰিয়তে পানী যোগান ধৰিব। ইয়াৰ উপৰিও কামাখ্যা মন্দিৰ চাফাইৰ বাবে ২৪ ঘণ্টা নিয়োজিত থাকিব চাফাইকর্মী। চাফাইকর্মী সকলক ৮ঘণ্টাকৈ তিনিটা ছিফটত ভাগ কৰি দিয়া হব।প্ৰথমটো ছিফট পুৱা ৬ বজাৰ পৰা দিনৰ ২ বজালৈ, দ্বিতীয়টো ছিফট দিনৰ ২ বজাৰ পৰা ৰাতি ১০ বজালৈ আৰু তৃতীয়টো ছিফট ৰাতি ১০ বজাৰ পৰা পুৱা ৬ বজালৈ। ইফালে প্ৰতি ১০গৰাকী চাফাই কর্মীৰ নেতৃত্বত উক্ত দিনকেইটাত এজনকৈ চুপাৰভাইজাৰ থাকিব বুলিও উল্লেখ কৰে পৌৰ নিগমৰ মুখ্য আয়ুক্তগৰাকীয়ে।
- Log in to post comments
- 42 views