কাইলৈ ইছলামধৰ্মী জনতাৰ পৱিত্ৰ ইদ-উল-ফিতৰ

ll

বুধবাৰে ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ ইদ-উল- ফিতৰ।মাহজোৰা অপেক্ষাৰ অন্তত কাইলৈ ইছলামধৰ্মী লোকসকলে পালন কৰিব ঈদ -উল-ফিতৰ। ইতিমধ্যে ঈদ উপলক্ষে বিভিন্ন ধৰণৰ খোৱাবস্তু,কাপোৰ আদিৰে ভৰি পৰিছে বজাৰসমূহ। বিভিন্নৰঙী চেৱৈ ,ফল-মূল, বহি:ৰাষ্ট্ৰৰ পৰা অহা খেজুৰেৰে বজাৰসমূহ উভৈনদী হৈ পৰিছে। 
     

 নিজৰ মন পছন্দৰ এযোৰ কাপোৰ অথবা ঈদৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীসমূহ কিনিবৰ বাবে ইছলামধৰ্মী লোকসকলে পুৱাৰ পৰা বজাৰত ভিৰ কৰিছে ।  
 dd 

 ব্যতিক্ৰম নহয় মহানগৰীৰ বজাৰসমূহো।কি ফাঁচীবজাৰ, কি গণেশগুৰিৰ বজাৰ- সকলোতে মাথোঁ এতিয়া দেখা পোৱা গৈছে ৰঙা-বগা চেৱৈ অথবা বহি:ৰাজ্যৰ পৰা অহা খেজুৰ।  
        

এতিয়া অপেক্ষা মাথোঁ ৰাতিৰ আকাশত জোন ওলোৱালৈ। আকাশত জোন ওলোৱাৰ পিছতেই ইছলামধৰ্মী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ-উল- ফিতৰ।তাৰ পিছতেই সমূহীয়াকৈ নামাজ পঢ়ি বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনা কৰিব সকলোৱে।

Your Comments