ৰকিবুল হুছেইন আৰু নুৰুল হুদাৰ আক্ৰমণকাৰীক শাস্তি বিহাৰ দাবীৰে আৰক্ষী সঞ্চালক প্ৰধানক কংগ্ৰেছৰ স্মাৰকপত্ৰ

arakhyi

বৃহস্পতিবাৰে প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে বুধবাৰে চামগুৰিৰ বৰমাত কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু নুৰুল হুদাৰ ওপৰত হোৱা  আক্রমণৰ ঘটনা সন্দৰ্ভত  উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কার্যালয়ত আৰক্ষী সঞ্চালক প্রধানক সাক্ষাৎ কৰে। 
    

আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত কয়-'দলীয় কামত যোৱা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু ৰূপহীহাট সমষ্টিৰ  বিধায়ক নুৰুল হুদাক বিজেপিৰ প্ৰায় ১৩-১৪ জনীয়া এটা দলে আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে।তাত আগৰে পৰাই চামগুৰি থানাৰ আৰক্ষী অধীক্ষক উপস্থিত থকাৰ পিছতো আৰক্ষীৰ লোকে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাটো আশ্চৰ্যজনক কথা ' 
     

তেওঁ লগতে কয় যে ঘটনাটোৰ পিছতে আৰক্ষীৰ ওচৰত এজাহাৰ দি সেই ১৩ জনৰ নাম পৰ্যন্ত কোৱাৰ পিছতো আৰক্ষী প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই।আৰক্ষী প্ৰশাসনৰ লোকসকল বিজেপিৰ মতে যে উঠা-বহা কৰে সেয়া ইয়াৰ দ্বাৰাই  প্ৰমাণ হ'ল । 
      

আৰক্ষীয়ে যাতে বিজেপিৰ কথা মতে উঠা-বহা নকৰে,আৰক্ষীয়ে যাতে নিৰপেক্ষভাৱে দায়িত্ব পালন কৰে আৰু ৰাজ্যত বিজেপিৰ এনেধৰণৰ সন্ত্ৰাস যাতে সোনকালে বন্ধ কৰে,তাৰেই দাবী জনাই আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে। 
    

আনহাতে,কংগ্ৰেছ বিধায়িনী দলৰ সভাপতি দেৱব্ৰত শইকীয়াই  সংবাদ মাধ্যমৰ আগত কয় যে এনেকুৱা ধৰণৰ ঘটনা আগতেও হৈছে।শেহতীয়াকৈ যিটো ঘটনা হ'ল,তাৰ বাবে যিসকল দোষী তেওঁলোকক সোনকালে চিনাক্ত কৰি শাস্তি বিহাৰ ব্যৱস্থা কৰে যেন।


কংগ্ৰেছ দলৰ ওপৰত হোৱা 'চাইবাৰ ক্ৰাইম'ৰ যিবোৰ ঘটনা পূৰ্বে সংঘটিত হৈছিল, তাৰ বিৰুদ্ধে কোনো বিহীত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও অভিযোগ কৰে দেৱব্ৰত শইকীয়াই।

Your Comments