নিউজ ডেস্ক :
আৰক্ষীৰ চকুত ধূলি দি মহানগৰীত বৃদ্ধি পাইছে স্মাৰ্ট চোৰৰ সন্ত্ৰাস। এইবাৰ স্মাৰ্ট চোৰৰ লক্ষ্য হ'ল গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালৰ অন্তৰ্গত গুৱাহাটী কেন্সাৰ ইনষ্টিটিউটৰ অমৃত ফাৰ্মাচীত কৰ্মৰত এগৰাকী যুৱতী।প্ৰাপ্ত খবৰ অনুসৰি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ৰুণজুন কুমাৰে অন্য দিনাৰ দৰে আজিও নিজ কৰ্তব্য সম্পাদন কৰি উভতি অহাৰ সময়ত কেন্সাৰ প্ৰতিষ্ঠানখনৰ সন্মুখতে থকা মেজিক আস্থানটোত ৰৈ থকা এজন বাইক আৰোহী যুৱকে ভঙাগড় মেডিকেলত ভৰ্তি হৈ থকা কোনো আত্মীয়লৈ ফোন কৰিব লাগে বুলি ৰুণজুনৰ ফোনটো বিচাৰে।
যুৱতী কৰ্মচাৰী গৰাকীয়ে মটৰ চাইকেল আৰোহী যুৱক জনক চিনি নাপায় যদিও একান্তই মানৱীয় দৃষ্টিৰে যুৱকজন কোনো অসুবিধাত পৰা বুলি ভাবি ফোন কৰিবৰ বাবে নিজৰ ফোনটো উলিয়াই দিয়ে।কিন্তু অতি দুৰ্ভাগ্যজনকভাবে যুৱতী গৰাকীৰ মানৱীয় সৰলতাক মুহূৰ্ততে কুঠাৰাঘাট কৰি ফোনটো যুৱক জনৰ হাতত পৰাৰ পিছতেই মটৰ চাইকেলত উঠি যুৱকজন ঘটনাস্থলীৰ পৰা উধাও হয়। এনেহেন এটা পৰিস্থিতিৰ মাজত পাৰি কিংকর্তব্যবিমোৰ হৈ পৰা যুৱতী গৰাকীয়ে যুৱক জনক এক মুহুৰ্তৰ বাবে হলেও বাধা দিয়াৰ শ্রেষ্ঠা কৰিছিল যদিও মটৰ চাইকেলত অহা যুৱকৰূপী চোৰতো পলাই যাবলৈ সক্ষম হয়।
ঘটনাৰ কিছু সময় পিছতেই দৰিদ্ৰ ঘৰৰ ভুক্তভোগী যুৱতী কৰ্মচাৰী গৰাকীয়ে এই সংক্ৰান্তত ভঙাগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে। মানৱীয় প্ৰমূল্যবোধক ঢাল হিচাপে লৈ সংঘটিত কৰা এনে ঘটনাৰ সঘন পুনৰাবৃত্তিয়ে সচেতন মহলক এহাতে চিন্তিত কৰি তোলাৰ বিপৰীতে আনহাতে আৰক্ষীৰ গিজগিজনিৰ মাজতো কেনেকৈ এই ঘটনা সমূহ সংঘটিত হ'ব পৰে তাকলৈয়ো প্ৰশ্নৰ অৱতাৰণা কৰিছে।
- Log in to post comments
- 91 views