সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তৰ গুৱাহাটী শিলসাঁকোৰ তিনিগৰাকী মেধাৱী ছাত্ৰীয়ে লাভ কৰা সাফল্যই গাঁওখনলৈ আনন্দৰ বন্যা কঢ়িয়াই আনিছে৷ তেওঁলোক হৈছে অনন্যা বৰুৱা, মনালিছা কলিতা আৰু দেৱশ্ৰী শৰ্মা। ইয়াৰে শংকৰদেৱ শিশু নিকেতন,উত্তৰ গুৱাহাটীৰ মনালিছা কলিতাই গণিতত ১০০ নম্বৰ লাভ কৰাৰ লগতে ৯২.১৬% নম্বৰেৰে ডিষ্টিংচন, শংকৰদেৱ শিশু নিকেতনৰে ছাত্ৰী দেৱশ্ৰী শৰ্মাই ৮৩.৮৩% নম্বৰৰে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হয়।আনহাতে, উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ ছাত্ৰী অনন্যা বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৯%ৰে ডিষ্টিংচন লাভ কৰিছে।
অনন্যা আছিল সংগ্ৰাম আৰু একাগ্ৰতাৰ প্ৰতীক।পিতৃ ৰবীন বৰুৱাৰ অকাল বিয়োগৰ পিছত মাতৃ ৰেখা বৰুৱা আৰু জ্যেষ্ঠ ভগ্নী অস্মিতা বৰুৱাৰ লগতে চুবুৰীয়াৰ উৎসাহ,পৰামৰ্শ সহায়ৰ বাবে ছাত্ৰীগৰাকীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে উত্তৰ গুৱাহাটীলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।ছাত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত এগৰাকী প্ৰশাসনীয় বিষয়া হোৱাৰ লক্ষ্য আগত ৰাখি কলা শাখাত অধ্যয়ন অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।
- Log in to post comments
- 48 views