শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ অংকুৰ, মুকুল আৰু প্ৰথম শ্ৰেণীৰ এখন অভিভাৱক সন্মিলন বুধবাৰে অনুষ্ঠিত হয়।সন্মিলনৰ বন্তি প্ৰজ্বলন কৰে নিকেতনৰ শিশু বাটিকাৰ আচাৰ্যা গীতিকা হালৈয়ে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই। সভাত ৮৮ গৰাকী অভিভাৱক,অভিভাৱিকাই অংশগ্ৰহণ কৰে।
সভাত অভিভাৱক,অভিভাৱিকাসকলে মুকলি মনেৰে তেওঁলোকৰ বক্তব্য প্ৰকাশ কৰে।সভাত নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী উপস্থিত থাকে ।তেওঁ অভিভাৱকসকলৰ পৰামৰ্শৰ বুজ লয় আৰু নিকেতনখনক এখন উচ্চ মানবিশিষ্ট নিকেতন হিচাপে গঢ় দিয়াৰ বাবে আশ্বাস প্ৰদান কৰে। সভাত প্ৰধান আচাৰ্য উৎপল তালুকদাৰে অভিভাৱকসকলৰ সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু প্ৰতিশ্ৰুতি দিয়ে যে বিদ্যালয়খনক উত্তৰ গুৱাহাটীৰ এখন আদৰ্শ বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা হ'ব।শেষত,কল্যাণ মন্ত্ৰৰে সভা ভংগ ঘোষণা কৰা হয়।
- Log in to post comments
- 46 views