দলগাঁৱৰ প্ৰতিবেদক
অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক শাক-পাচলি উৎপন্ন হোৱা অঞ্চল হিচাপে বিশেষ স্থান পাই অহা বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ একুৰিৰো অধিক গাঁৱৰ শ শ বিঘা মাটিৰ পাচলি খেতি বৰষুণৰ পানীত বিনষ্ট হৈছে।খাৰুপেটীয়াৰ বাঁহাবাৰী,বিহুদিয়া বৰুৱাঝাৰ, গদাইজাৰ, বৰংগাবাৰী, উলুবাৰী,নিজ বৰুৱাঝাৰ, দলগাঁও, শ্যামপুৰ, আৰিমাৰি চৰাঞ্চলৰ দহখনৰো অধিক গাঁও,ইছলামপুৰত দুখীয়া কৃষকসকলৰ বিলাহী,বেঙেনা, ভেণ্ডি, জিকা, ধুন্দুলী খেতিৰ লগতে জোৱাৰৰ খেতি বৰষুণৰ জমাপানীত পচি মৰহি গৈছে ৷
বিঘাই প্ৰতি প্ৰায় দহ হাজাৰতকৈ অধিক টকা খৰচেৰে কৰা খেতিৰ পাচলি এতিয়া নষ্ট হ'বলৈ ধৰিছে। খেতিৰ পৰা উঠোৱাৰ পূৰ্বেই বৰষুণৰ বাবে পচি গৈছে পাচলিসমুহ৷একাংশই দুই- চাৰি হাজাৰ টকাৰ পাচলি বিক্ৰী কৰাৰ পিছতেই এই অৱস্থাৰ সন্মুখীন হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷বৰ্তমান পৱিত্ৰ ৰমজান মাহৰ ৰোজাৰ মাজত খেতিৰ পৰা কিবা লাভালাভৰ আশাত চেঁচাপানী পৰিছে কৃষকৰ মূৰত৷ ঈদলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত এইসকল কৃষকে ঈদৰ খৰচ ক'ৰ পৰা সংগ্ৰহ কৰিব,তাকে ভাবি হতাশাত ভুগিছে ৷
বিনষ্ট হোৱা খেতিপথাৰত ইতিমধ্যে দৰং জিলা কৃষি বিভাগে পৰিদৰ্শন কৰি ক্ষতিৰ বুজ লৈছে যদিও এতিয়াও কোনো ক্ষতিপূৰণৰ ব্যৱস্থা কৰা নাই বুলি কৃষকে সাংবাদিকক জানিবলৈ দিয়ে।শীঘ্ৰে ক্ষতিপূৰণ দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে কৃষক ৰাইজে।
- Log in to post comments
- 22 views