উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনত পণ্ডিত প্ৰৱৰ আনন্দৰাম বৰুৱাৰ ১৬৯ সংখ্যক জন্মজয়ন্তী পালন

sankar

প্ৰথম অসমীয়া প্ৰশাসনীয় বিষয়া (আইচিএছ),অসমৰ প্ৰথম গ্ৰেজুৱেট আনন্দৰাম বৰুৱাৰ জন্ম উত্তৰ গুৱাহাটীত হৈছিল।তেওঁ মজিন্দাৰ বৰুৱাৰ পৰিয়ালৰ গৰ্গৰাম বৰুৱাৰ সন্তান আছিল। মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা আছিল। গৰ্গৰাম বৰুৱাৰ চাৰিগৰাকী সন্তানৰ তৃতীয়জন আনন্দৰাম বৰুৱা আছিল।পণ্ডিত প্ৰৱৰ আনন্দৰাম বৰুৱাৰ আজি ১৬৯ সংখ্যক জন্মজয়ন্তী।আজি ২১ মে'ৰ দিনটোত পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাই উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্মগ্ৰহণ কৰিছিল।

 

শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ সমূহ ছাত্র-ছাত্ৰী,আচাৰ্য-আচাৰ্যাৰ লগতে নিকেতনৰ পৰিচালনা সমিতিয়ে আজি প্ৰাৰ্থনা সভাত পণ্ডিত প্ৰৱৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । আনন্দৰাম বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে উপ-প্ৰধান আচাৰ্য জগদীশ শৰ্মাই । প্ৰধান আচাৰ্য  উৎপল তালুকদাৰে সঞ্চালন কৰা এই সভাত নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে আনন্দৰাম বৰুৱাৰ বিষয়ে বিতংভাৱে ছাত্র-ছাত্ৰীসকলক কয় । আনন্দৰাম বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দ্বিতীয় এগৰাকী আনন্দৰাম বৰুৱা অধ্যয়নৰত মানৱ সম্পদৰূপী ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰা সৃষ্টি হোৱাটো তেওঁ আশা কৰে ।

Your Comments