অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচন সন্দৰ্ভত আজি জাননী জাৰি

rajyasava

তপন বৰগোহাঁই


সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ উৎকন্ঠাৰ মাজতে আজি নিৰ্বাচন আয়োগে  জাননী জাৰি কৰিব ৭ জুনত অনুষ্ঠিত হ'ব লগীয়া ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচন সন্দৰ্ভত।উল্লেখ্য যে অসমৰ পৰা অহা ১৪ জুনত খালি হ'ব ৰাজ্যসভাৰ দুখন  আসন।ড:মনমোহন সিং আৰু শান্তিয়াছ কুজুৰৰ কাৰ্যকালৰ অন্ত পৰাৰ বাবে খালি হ'ব লগীয়া দুখন আসনৰ বাবে অহা ৭ জুনত পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। একেদৰে ভোটগ্ৰহণৰ দিনাই বিয়লি ৫ বজাৰ পৰা অনুষ্ঠিত হ'ব ভোটগণনা।সেইদিনাই ঘোষণা কৰা হ'ব ফলাফল।


আনহাতে এই নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন হ'ব ২৮ মে'। একেদৰে মনোনয়নপত্ৰ পৰীক্ষাৰ দিন হ'ব ২৯ মে'।ইফালে কোনো প্ৰাৰ্থীয়ে যদি মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰিব বিচাৰে তেন্তে ৩১ মে'ৰ ভিতৰত প্ৰত্যাহাৰ কৰিব লাগিব।

আনহাতে,দুয়োখন আসনতে শাসনাধিষ্ঠিত বিজেপি দলে কাক প্ৰক্ষেপ কৰিব,তাক লৈ আলোচনা চলি থকাৰ সময়তে ড: হিমন্ত বিশ্ব শৰ্মা আৰু বিহাৰৰ ৰামবিলাস পাছোৱানৰ নামৰ চর্চা হৈছে।তাৰ মাজতে বিজেপি দলৰ পৰা ৰাজ্যৰে লোকসভা টিকটবঞ্চিত সাংসদ ৰমেন ডেকা,কামাখ্যা প্ৰসাদ তাছা,ৰাজেন গোহাঁইয়ে ৰাজ্যসভাৰ টিকট বিচাৰি নেতৃত্বলৈ আবেদন কৰাৰ কথাও জানিবলৈ দিছে দলৰ এক বিশেষ সূত্ৰই।

Your Comments