ডবকাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰী আটক

drugs

তপন বৰগোহাঁই


ড্ৰাগছৰ বিৰুদ্ধে হোজাইৰ ডবকাত চিআইডি আৰু ভিজিলেন্সে যুটীয়া অভিযান চলায়।অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে সৰবৰাহকাৰী তাহিমুদ্দিন মজুমদাৰক ।
চিআইডি আৰু ভিজিলেন্সে জানিবলৈ দিয়া অনুসৰি শনিবাৰে তেওঁলোকে অভিযান চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে।অভিযানত তাহিমুদ্দিন মজুমদাৰৰ গুদামত জব্দ কৰা হৈছে ৪৭ হাজাৰ ক'ফ চিৰাপ বটলসহ ২ লাখ ৬০ হাজাৰ নিচাযুক্ত টেবলেট।লগতে তেওঁলোকে কয় যে নীতিবহিৰ্ভূতভাবে এই সামগ্ৰীখিনি তাহিমুদ্দিনে গুদামত ৰাখিছিল।drugs2

ইফালে,ড্ৰাগছসহ ধৃত তাহিমুদ্দিনক চিআইডি আৰু ভিজিলেন্সে গ্ৰেপ্তাৰ কৰাৰ পিছত সোমবাৰে আদালতত হাজিৰ কৰোৱা হয়।ইফালে প্ৰাথমিক জেৰাত ড্ৰাগছ সৰবৰাহকাৰী তাহিমুদ্দিনে উল্লেখ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য।সেই অনুসৰি তাহিমুদ্দিনে নাগালেণ্ড, ডিমাপুৰ, কাৰ্বি আংলং,ডিমা হাছাওলৈ নিয়মিতভাবে যোগান ধৰে ড্ৰাগছ।ইয়াত উপৰিও চিআইডি আৰু ভিজিলেন্সৰ আগত স্বীকাৰ কৰিছে যে গুৱাহাটীৰ চাৰিটা স্থানত  অবৈধ ড্ৰাগছৰ ঘাটি থকাৰ কথা ।

আনহাতে,জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য ৯০ লাখ ৪০ হাজাৰ টকা হ'ব বুলি আজি এক সংবাদমেলৰ জৰিয়তে জানিবলৈ দিছে চিআইডি আৰু ভিজিলেন্সে।
সংবাদমেলত উপস্থিত আছিল চিআইডিৰ আইজিপি সুৰেদ্ৰ কুমাৰ,ভিজিলেন্সৰ অনুৰাগ বাংখা প্ৰমুখ্যে কেইবাজনো বিষয়া।

Your Comments