এতিয়া বিস্ফোৰণ ঘটাই মানুহ মৰাৰ দিন নাই : জুবিন গাৰ্গ

zg

নিউজ ডেস্ক : 

বিহুমঞ্চত অনুষ্ঠান পৰিৱেশনৰ মাজতেই যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গে পুনৰ উল্লেখ কৰিলে বুধবাৰে গুৱাহাটীত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণৰ প্ৰসংগ। শিল্পী গৰাকীৰ স্পষ্ট কথা "বহুতে কৈছে এই বিস্ফোৰণ দায়িত্ব আলফা(স্বা) স্বীকাৰ কৰিছে।যদি আলফাই কৰিছে মই আকৌ গালি পাৰিম"। এতিয়া বিস্ফোৰণ ঘটাই এনেই মানুহ মৰাৰ দিন নাই।সেইবিলাক এতিয়া অতীত হ'ল। এতিয়া নতুন চিন্তা কৰিব লাগে।

ইয়াৰ উপৰিও আলফাৰ লগত তেওঁৰ সম্পৰ্ক সন্দৰ্ভত তেওঁ কয় " এসময়ত মই আলফাৰ লগত কাজিয়া লাগিছিলোঁ কিন্তু এতিয়া আলফাৰ লগত সম্পৰ্ক ভাল। কেতিয়াবা পৰেশ বৰুৱাই ফোন কৰে, গৰিমাক ভনীয়েক পাতিছে। মোৰ লগতো কথা পাতে। কিন্তু এতিয়া মই এইবিলাক বিস্ফোৰণ নিবিচাৰোঁ।
আনহাতে বিস্ফোৰণৰ লগত নাম সাঙোৰ খাই ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী জাহ্নৱী শইকীয়াৰ সন্দৰ্ভত জুবিনে কয় " জাহ্নৱীক মই চিনি পাওঁ,শিল্পী এইবিলাকৰ লগত জড়িত হ'ব নালাগে। মই এইবিলাক বেয়া পাওঁ।শিল্পীয়ে সদায় মানুহৰ লগত আৰু সমাজৰ লগত থাকি সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিব লাগে"।

ইফালে জুবিনে টিহুৰ উত্তৰাঞ্চল ৰঙালী বিহুৰ মঞ্চতে নিজকে এজোপা বৰগছৰ সৈতে তুলনা কৰি কয় "মই সদায় চিধা কথা কওঁ আৰু কমেই, মোক কোনেও বেঁকা কৰিব নোৱাৰে"। লগতে কয় এজোপা বৰগছ মৰি যাব কিন্তু বেঁকা নহয় ।

Your Comments