নিউজ ডেস্ক :
বুধবাৰে মহানগৰীৰ জু-ৰোড স্থিত গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত সংঘটিত ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত আলফা নেতা প্রাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক বৃহস্পতিবাৰে পাঞ্জাবাৰীৰ এটা ভাড়াঘৰৰ পৰা দিনজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰাৰ পাছত আজি দুয়োকে হাজিৰ কৰোৱা হ'ব কামৰূপ জিলাৰ মুখ্যন্যায়িক দণ্ডাধীশৰ আদালতত।
কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰাণময় ৰাজগুৰুক লতাশিল আৰক্ষী থানাত ৰখাৰ লগতে অভিনেত্ৰী জাহ্নৱী শইকীয়াক ৰখা হয় পানবজাৰৰ মহিলা আৰক্ষী থানাত।আজি আগবেলাৰ ভাগতে দুয়োকে আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে। ইফালে অসম আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণত জড়িত ধৃত দুয়োগৰাকী লোককে বোমা-বিস্ফোৰণ সন্দৰ্ভত আৰু অধিক তথ্যৰ বাবে নিজৰ জিম্মাত বিচাৰিব।উল্লেখ্য যে আলফা নেতা প্ৰণাময় ৰাজগুৰুৰ লগত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী জাহ্নৱীৰ শইকীয়াৰ ঘৰ শিৱসাগৰত।
জানিব পৰা মতে ৰাজগুৰু আৰু শইকীয়াই আশ্ৰয় স্থল হিচাপে ব্যৱহাৰ কৰি অহা পাঞ্জাবাৰীৰ সেই বিশেষ ঘৰটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ৯এমএম পিষ্টল,২৮জাই সক্ৰিয় গুলি,৪০কেজি বিস্ফোৰক, গ্ৰেনেড নিৰ্মাণৰ কিছু সঁজুলিৰ লগতে আলফাৰ পতাকা আৰু কিছু লেটাৰ পেড।
- Log in to post comments
- 27 views