নিউজ ডেস্ক :
"নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰি অসম চৰকাৰে প্ৰমাণ দিয়ক তেওঁলোকৰ সদিচ্ছাৰ "এই প্ৰত্যাহ্বান আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়া।আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত নগাঁও আৰু কাছৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে আয়োজন কৰা নাগৰিক সভাত উপস্থিত থাকি আলফা নেতা গৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ব্যক্তিগত ভাৱে উদ্যোগ গ্ৰহণ কৰি কাগজ কল দুটা পুনৰুজ্জীৱিত কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰকদাবী জনাবলৈ আহ্বান জনায়।
যিদৰে ভাৰতৰ অন্যান্য ৰাজ্যৰ বহু মৃতপ্ৰায় ৰাজহুৱা উদ্যোগ সেই ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী আৰু উদ্যোগমন্ত্ৰীয়ে নিজাকৈ উদ্যোগ গ্ৰহণ কৰি পুনৰুজ্জীৱিত কৰি তুলিছে।ঠিক সেই একেই নীতি আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও গ্ৰহণ কৰিব লাগে বুলি তেওঁ আহ্বান জনায়। লগতে তেওঁ অসমৰ ৰাইজকো আহ্বান জনাই কয় যে নগাঁও আৰু কাছাৰ কাগজ কল কেৱল তাত কাম কৰা কৰ্মচাৰী সকলৰে নহয়,ই অসমৰ জাতীয় জীৱনৰ এটা প্ৰতিষ্ঠান আৰু জাতীয় সম্পদ। গতিকে এই দুটা প্ৰতিষ্ঠান যদি ধ্বংস হৈ যায় তেন্তে আমাৰ বহু লোক কৰ্মহীন হৈ পৰিব আৰু যিটোৱে জাতীয় জীৱনত প্ৰভাৱ পেলাব।
অসমত উদ্যোগসমূহ এতিয়া এটাৰ পিছত এটাকৈ ধ্বংস হৈ গৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে তেলৰ লগত জড়িত উদ্যোগকেইটাৰ বাহিৰে প্ৰায় সমূহ উদ্যোগেই এতিয়া মৃত্যুৰ দুৱাৰদলিত।গতিকে এই কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে কৰ্মচাৰীৰ সকলৰ লগত ৰাইজকো তেওঁ ওলাই আহিবলৈ আহ্বান জনায়। আজিৰ নাগৰিক সভাত কাগজ কল দুটাক পুনৰজীৱিত কৰাৰ বাবে ছয়টাকৈ গুৰুত্বপূ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
সেই অনুসৰি আগন্তক দিনত নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ বাবে অসম মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীক এখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। ইয়াৰ উপৰিও নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে যদি চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে সংগ্ৰামী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও এক প্ৰস্তাৱ গ্ৰহণ কৰে। একেদৰে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ আৰু বিভিন্ন কাৰ্যসূচী পৰিচালনা কৰিবলৈ এখন সমিতি গঠন কৰিবলৈয়ো আজি এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
ইয়াৰ উপৰিও আইনৰ মাধ্যমেৰেও কাগজকল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত এখন পিআইএল দাখিল কৰিবলৈও আজিৰ সভাই এক প্ৰস্তাবযোগে দায়িত্ব অৰ্পন কৰে জ্যেষ্ঠ অধিবক্তা অৰুপ বৰবৰা আৰু কমল নাৰায়ণ চৌধুৰীক।ইয়াৰ সমান্তৰালকৈ কাগজ কল দুটাৰ কৰ্মচাৰীৰ সকলৰ দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা দৰমহা মুকলি কৰি দিয়া আৰু প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আৰ্থিক দিনতাত আত্মহত্যা কৰা প্ৰতিজন কৰ্মচাৰীকে নূন্যতম ১০লাখ টকাকৈ সাহায্য দিবলৈও আজিৰ সভাই দাবী জনায়।
ইয়াৰ উপৰিও আজিৰ নাগৰিক সভাত কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ সন্তান সকলক পঢ়াৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে এটা "ক্ৰাউড ফাণ্ড" খোলাৰ বাবেও এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আৰু ইয়াৰ প্ৰয়োজনীয় দায়িত্ব জিএলপি চাৰ্কোল আৰু "আমাৰ অসম"ক লবলৈ আহ্বান জনায় আজি সভাই। আজিৰ এই সভাত উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু,জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন,দিলীপ পাটগিৰি,শ্যামকানু মহন্ত,লাচিত বৰদলৈ নগাঁও আৰু কাছাৰ কাগজ কলৰ একোজনকৈ প্ৰতিনিধিৰ লগতে,জাগীৰোডৰ এক বহুসংখ্যক নাগৰিক।
ইফালে আজিৰ এই সভাত কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ বহুকেইগৰাকী অধ্যয়নৰত সন্তানো উপস্থিত আছিল। তাৰ ভিতৰত অন্যতম আছিল আজি ডেৰ বছৰৰ পূৰ্বে বিধানসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰি কাগজ কল কৰ্মচাৰীৰ দুৰৱস্থাৰ কথা কৈ মুখ্যমন্ত্ৰীৰ সন্মুখতে উঁচুপি উঠা সন্দিকৈ কলেজৰ ছাত্ৰী পৰীস্মিতা বুঢ়াগোহাঁই।আজি নাগৰিক সভাত উপস্থিত থাকি ছাত্ৰী পৰীস্মিতাই পুনৰ সংবাদ মাধ্যমৰ আগত কয় " চৰকাৰী মহাবিদ্যালয়ত পঢ়াৰ পাছতো মাহত প্ৰয়োজনীয় নূন্যতম ৬-৭হাজাৰ টকাৰ খৰছ যোগান ধৰাত এতিয়া আমাৰ ঘৰখনৰ যথেষ্ট কষ্ট হয়। যদিও এতিয়া আমি কষ্টৰ মাজেৰে চলি গৈছো, ভৱিষ্যতে কিন্তু আমাৰো মন আছে উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ। অৰ্থৰ অভাৱত এতিয়াই আমি প্ৰয়োজনীয় বহু কৰিবলৈ থকা কামো কৰিব পৰা নাই,ভৱিষ্যতে এই পৰিবেশ যে আৰু জটিল হ'ব সেয়া নিশ্চিত।
" ইফালে কিছুদিনৰ পূৰ্বে এগৰাকীৰ কৰ্মচাৰী আৰ্থিক দৈন্যতাত আত্মহত্যাৰ দৰে চৰম পথ বাছি লবলগীয়া লৈছিল । ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পুনৰ আশ্বাস দিছে কাগজ কল পুনৰুজ্জীৱিত কৰিব বুলি,এই সম্পৰ্কতো ছাত্ৰী পৰীস্মিতাই কয় "চৰকাৰৰ আশ্বাসক বিশ্বাস কৰিয়েই আমি ইমানদিনে আছোঁ কিন্তু মাজে মাজে হতাশও হৈছোঁ। কাৰণ চৰকাৰে আমাৰ পঢ়ি থকা প্ৰজন্মৰ বাবে এবাৰ ভাবিব লাগিছিল। কাৰণ আমাৰ আয়ৰ উৎস একমাত্ৰ দেউতাহতে আছিল।কিন্তু আজি ২৮মাহে দৰমহা নাই। মোৰ দেউতা অৱসৰ গ্ৰহণ কৰিছে যদিও আজিলৈকে পোৱা নাই কোনো অৱসৰৰ টকা।গতিকে আমিহে জানো কিমান কষ্টত চলিছে আমাৰ ঘৰখন।
- Log in to post comments
- 32 views