নিউজ ডেস্ক :
বুধবাৰে গুৱাহাটী মহানগৰীৰ জু-ৰোড স্থিত 'গুৱাহাটী চেণ্ট্ৰেল'ৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াই আজি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে"এই ঘটনা কোনে সংঘটিত কৰিছে মই অৱশ্যে নাজানো,কিন্তু এটা কথা ঠিক এনেদৰে বোমা বিস্ফোৰণৰ সংঘটিত কৰি কোনো সমস্যা সমাধান কৰিব পাৰিব বুলি আমি নাভাবো"। তেওঁ লগতে কয় যে এই বিস্ফোৰণৰ সৈতে যদি আলফা(স্বা)য়ো জড়িত আছে তেন্তে এটা কথা ঠিক যে এনেদৰে বিস্ফোৰণ কৰি তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি আমি নাভাবো।বিস্ফোৰণৰ ফলত কেইজনমান নিৰীহ মানুহ আঘাতপ্ৰাপ্ত হোৱা কথাটো তেওঁ দুখ প্ৰকাশ কৰে।
ইয়াৰ উপৰিও প্ৰাক্তন আলফা নেতা গৰাকীয়ে কয় বিস্ফোৰণ সংঘটিত হোৱাৰ কিছুসময় পূৰ্বে সেই পথটোৱেদি মইয়ো পাৰ হৈ গৈছিলোঁ। মোৰ অলপ পলম হোৱা হলে মইয়ো হয়তো দুৰ্ঘটনাতোৰ বলি হ'ব লগা হ'লহেতেন। লগতে আলোচনাপন্থী আলফা নেতা গৰাকীৰ আহ্বান যি পক্ষয়েই এই বিস্ফোৰণটো নকৰক কিয় তেওলোকে এটা কথা মনত ৰখা উচিত যে নিজৰ লক্ষ্যত উপনীত হবলৈ হলে যাতে কোনো ব্যক্তিৰ সামাজিক জীৱন যাত্ৰা বাধাপ্ৰাপ্ত নহয় সেই কথাত গুৰুত্ব দিব লাগিব অন্যথা কোনেও কেতিয়াও নিজৰ ইস্পিত লক্ষ্যত উপনীত হ'ব নোৱাৰিব।
- Log in to post comments
- 17 views