অনুৰ্তীণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ১ জুলাইৰ পৰা অনুষ্ঠিত হ'ব কম্পাৰ্টমেন্টেল পৰীক্ষা-ছেবা

sidhartha

নিউজ ডেস্ক :

ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ কৰাৰ পাছতে ছেবাৰ মুখ্য কাৰ্যালয়ত ৰাজ্যৰ শিক্ষমন্ত্ৰী আৰু ছেবা কৰ্তৃপক্ষই এক গুৰুত্বপূৰ্ণ সংবাদ মেল সম্বোধন কৰে।সংবাদ মেলত খনত ছেবা কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ ঘোষণা  কৰি কয় যে আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুৰ্তীণ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অহা ১ জুলাই পৰা অনুষ্ঠিত  হব কম্পাৰ্টমেন্টেল পৰীক্ষা।তাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে ১৭মে'ৰ পৰা অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব।উল্লেখ কম্পাৰ্টমেণ্ট পৰীক্ষা অহা ৬জুলাইলৈ চলিব। 

আনহাতে আজিৰ এই সংবাদ মেলত ৰাজ্যৰ শিক্ষমন্ত্ৰী সিদ্ধাথ ভট্টাচাৰ্যই কয় যে এইবাৰৰ ফলাফল প্ৰায় সফলভাৱে অসম মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিছে।লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে পূৰ্বৰ তুলনাত এইবাৰ পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ বৃদ্ধি  পোৱা কথাটোও উনুকিয়াই। একেদৰে পূৰ্বতকৈ এইবাৰ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী ৯ জনলৈ বৃদ্ধি পোৱা কথাটোও প্ৰসংগ ক্ৰমে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে যোৱাবাৰ প্ৰথম দহটা স্থানত আছিল ৩০গৰাকীৰ ছাত্ৰ-ছাত্ৰী আৰু এইবাৰ এই সংখ্যা ৩৯গৰাকী। এইবাৰ পৰীক্ষাত সৰ্বমুঠ লেটাৰ পাইছে ১লাখ ১৫হাজাৰ ৬৪২ জনে। ইফালে এইবাৰ কোনো ছাত্ৰ-ছাত্ৰীকে গ্ৰেছমাৰ্ক দিয়া নাই বুলিও কৰ্তৃপক্ষই জানিব দিয়ে।এইবাৰ নগাঁও জিলাৰ পৰা সৰ্বাধিক ২৩,৫৯৬গৰাকীৰ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্তীন হৈছিল। আৰু আটাইতকৈ কম ছাত্ৰ-ছাত্ৰী ডিমা-হাছাও পৰা অৱতীৰ্ণ হোৱাৰ তথ্যও সংবাদ মেল খনত প্ৰকাশ কৰা হয়। উল্লেখ্য যে ডিমা হাছাও জিলাৰ পৰা মুঠ ২,৬৯১গৰাকীৰ ছাত্ৰ-ছাত্ৰী এইবাৰ পৰীক্ষাত অৱৰ্তীন হৈছিল।

ইফালে আজি ঘোষণা কৰা হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ সন্দৰ্ভতো শিক্ষামন্ত্ৰী গৰাকীয়ে কয় হাইমাদ্ৰাছা পৰীক্ষাত শীর্ষত আছে বাক্সা জিলা আনহাতে শূন্য শতাংশ উত্তীণৰে  সৰ্বনিম্ন স্থানত আছে ওদালগুৰি জিলা।এইবাৰ ২০৭৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে লেটাৰ মাৰ্ক লাভ কৰাৰ উপৰি ষ্টাৰ মাৰ্ক লাভ কৰিছে ৯১ গৰাকী আৰু ডিষ্টংচন লাভ কৰিছে ২০গৰাকীয়ে। হাই মাদ্ৰাছা পৰীক্ষাত সৰ্বাধিক ১৫৭৪ গৰাকী পৰীক্ষাৰ্থী ধুবুৰীৰ পৰা অৱতীৰ্ণ হোৱাৰ বিপৰীতে ওদালগুৰি জিলাৰ পৰা সৰ্বনিম্ন দুগৰাকী ছাত্ৰী অৱৰ্তীন হৈছিল বুলি ছেবা কৰ্তৃপক্ষই জানিব দিয়ে।

আনহাতে কোনো পৰীক্ষাথীয়ে যদি বহী পুনৰীক্ষণ কৰিব বিচাৰে তেন্তে তাৰ বাবে অনলাইনৰ জৰিয়তে আৱেদন কৰিব পাৰিব বুলিও একেখন সংবাদ মেলতে কৰ্তৃপক্ষই জানিব দিয়ে। আৰু আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলক পুনৰীক্ষণৰ অন্তত সম্পূৰ্ন ফটো ষ্টেট কপি যোগান ধৰিব বুলি জানিবলৈ দিয়ে।
ইফাল ফলাফল ঘোষণাৰ নিৰ্দিষ্ট সময়ৰ বহু পূৰ্বে ছচিয়েল মিডিয়াত ফলাফল ভাইৰেল কৰা ব্যক্তসকলৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।
আজি এই সংবাদ মেলত  শিক্ষাবিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া আৰু ছেৱাৰ সচিব আৰ জি জৈনো উপস্থিত থাকে।।

Your Comments