ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্তত উত্তীৰ্ণৰ হাৰ ৬০.২৩% ৰ বিপৰীতে হাই মাদ্ৰাছাত ৫৮.১৮%

hslc

নিউজ ডেস্ক :

আজি ঘোষিত হ'ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ।  এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৩,৩৬,২০৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱৰ্তীন হৈছিল।আৰু ইয়াৰে উত্তীণ হৈছে ২,০২,৫০৮গৰাকীৰ ছাত্ৰ-ছাত্ৰী।এইবাৰৰ উত্তীৰ্ণৰ ৬০.২৩ শতাংশ । ইয়াৰে ৬২.৬৯ শতাংশ ছাত্ৰ হোৱাৰ বিপৰীতে ৫৭.৯৯ শতাংশ ছাত্ৰী।ইফালে এইবাৰ মুঠ ৩৯৬ গৰাকীৰ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত বহিষ্কৃত হৈছিল।আৰু ১০গৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল বিভিন্ন কাৰণত বন্ধ ৰখা হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষ সমূহৰ তুলনাত এইবাৰৰ উত্তীৰ্ণৰ হাৰ অধিক। 

২০১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দহটা স্থান দখল কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মেধাৱী বিদ্যাৰ্থীসকলে।সেইসকল হৈছে-
প্ৰথম স্থান-লখিমপুৰৰ নাৰায়ণপুৰ শংকৰদেৱ শিশু নিকেতনৰ মেঘাশ্ৰী বৰা।মুঠ নম্বৰ লাভ কৰিছে ৫৯৪।

দ্বিতীয় স্থান দখল কৰিছে চিম্ময় হাজৰিকাই।তেওঁ যোৰহাটৰ  ডনবক্সো হাইস্কুল,বাঘচোঙৰ ছাত্ৰ। মুঠ নম্বৰ লাভ কৰিছে ৫৯৩।
দ্বিতীয় স্থানতে আছে প্রত্যাশা মেধি। তেওঁ ছেণ্ট মেৰিজ হাইছেকেণ্ডেৰী স্কুল,গুৱাহাটীৰ ছাত্ৰী।মুঠ নম্বৰ লাভ কৰিছে ৫৯৩।

তৃতীয় স্থান দখল কৰিছে খ্ৰীষ্টজ্যোতি স্কুল, নগাঁৱৰ আফ্ৰিন হুছেইনে। মুঠ নম্বৰ লাভ কৰিছে ৫৯১।তৃতীয় স্থানতে আছে
অনুশ্ৰী ভূঞা। ছেণ্ট মেৰীজ হাইছেকেণ্ডেৰী স্কুল, গুৱাহাটী।মুঠ নম্বৰ লাভ কৰিছে ৫৯১।

চতুৰ্থ স্থান লাভ কৰিছে সৃষ্টি শইকীয়াই। চেণ্ট মেৰীজ হাইছেকেণ্ডেৰী স্কুল, গুৱাহাটী। মুঠ নম্বৰ লাভ কৰিছে ৫৯০।

পঞ্চম স্থান লাভ কৰিছে পাঁচ গৰাকী শিক্ষাৰ্থীয়ে।সেইসকল হৈছে-ছেণ্ট জনচন হাইছেকেণ্ডেৰী স্কুল,বাক্সাৰ ফাল্গুনী শৰ্মা।মুঠ নম্বৰ ৫৮৯।
লৱজ্যোতি দাস,ডনব'স্কো হাইছেকেণ্ডেৰী স্কুল,বৈৰাগীমঠ, ডিব্ৰুগড়।মুঠ নম্বৰ ৫৮৯।
উপাসা মুদৈ,গোলাঘাট জাতীয় বিদ্যালয়।মুঠ নম্বৰ ৫৮৯।
তুশিফ তামান্না ৰহমান,ছেণ্ট মেৰীজ হাইস্কুল,নৰ্থ লখিমপুৰ, মুঠ নম্বৰ ৫৮৯।
প্রিয়ংকা কলিতা,অসম জাতীয় বিদ্যালয়, নুনমাটি কামৰূপ(ম),মুঠ নম্বৰ ৫৮৯।

ষষ্ঠ স্থান দখল কৰিছে পাঁচ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে।সেইসকল হৈছে- ৰাজশ্ৰী পাঠক,বৰপেটা চৰকাৰী হাইছেকেণ্ডেৰী স্কুল, মুঠ নম্বৰ লাভ কৰিছে ৫৪৪।
অভিপ্সা দাস,বৰপেটা চৰকাৰী হাইছেকেণ্ডেৰী স্কুল। মুঠ নম্বৰ লাভ কৰিছে ৫৪৪।
চাৰমীন হাচনাত,চেন্ট্ৰেল গাৰ্লছ হাইস্কুল,গোৱালপাৰা। মুঠ নম্বৰ লাভ কৰিছে ৫৮৮।অনুৰাগ বৰ্মন,উদয়ন শান্তি নিকেতন,বেজেৰা। কামৰূপ।মুঠ নম্বৰ লাভ কৰিছে ৫৮৮।
প্ৰিয়ম কাশ্যপ ,পায়'নিয়াৰ একাডেমী,পুঠিমাৰী।কামৰূপ।মুঠ নম্বৰ লাভ কৰিছে ৫৮৮।

সপ্তম স্থান লাভ কৰিছে চাৰিগৰাকী শিক্ষাথীয়ে। সেইসকল হ'ল দীপজ্যোতি শৰ্মা।চেণ্ট মেৰীজ হাইস্কুল,নৰ্থ লখিমপুৰ। মুঠ নম্বৰ লাভ কৰিছে ৫৮৭।
অজয় বুঢ়াগোহাঁই,ছেণ্ট মেৰীজ হাইস্কুল,নৰ্থ লখিমপুৰ।মুঠ নম্বৰ ৫৮৭।
অংকুৰাজ কাশ্যপ , পুৰণিগুদাম আৰকেবি হাইছেকেণ্ডেৰী স্কুল,নগাঁও।মুঠ নম্বৰ ৫৮৭।
নিকিতা কলিতা ,লিটল ফ্লাৱাৰ স্কুল ,নলবাৰী।মুঠ নম্বৰ লাভ কৰিছে ৫৮৭।

অষ্টম স্থান লাভ কৰিছে ছয় গৰাকী শিক্ষাৰ্থীয়ে। তেওঁলোক হৈছে-ইভান কাশ্যপ কলিতা,চেণ্ট জনছ হাইছেকেণ্ডেৰী স্কুল, বাক্সা।মুঠ নম্বৰ লাভ কৰিছে ৫৮৬।
বৰষা ডেকা,আগডলা চাৰিআলি হাইস্কুল। কামৰূপ। মুঠ নম্বৰ লাভ ৫৮৬।
নিশিতা খাটনিয়াৰ, বেবেজীয়া পিকেএছ হাইছেকেণ্ডেৰী স্কুল, নগাঁও। মুঠ নম্বৰ ৫৮৬।
ঈশান ভূঞা,নগাঁও চৰকাৰী বালক হাইছেকেণ্ডেৰী স্কুল।মুঠ নম্বৰ ৫৮৬।
দ্বীপ শইকীয়া,ননৈ হাইস্কুল, নগাঁও।মুঠ নম্বৰ ৫৮৬।
দেৱাশ্ৰী শইকীয়া,গৌৰীসাগৰ হাইচেকেণ্ডেৰী ইণ্ড্ৰাষ্টিয়েল ইনষ্টিটিউট ,শিৱসাগৰ ।মুঠ নম্বৰ ৫৬৮।

নৱম স্থান লাভ কৰিছে পাঁচজন শিক্ষাৰ্থীয়ে। সেইসকল হৈছে হিৰকজ্যোতি চৌধুৰী,পাঠশালা শিক্ষাপীঠ আদর্শ হাইস্কুল বৰপেটা ,মুঠ নম্বৰ ৫৮৫।
জাৰফিন আৰা আহমেদ, হেপ্পী চাইল্ড ইংলিছ স্কুল,ছিপাঝাৰ,দৰং।মুঠ নম্বৰ ৫৮৫।
ইৰফান হক,খ্ৰীষ্টজ্যোতি স্কুল, নগাঁও।মুঠ নম্বৰ ৫৮৫।
দীপশেখৰ কলিতা, বিবেকানন্দ বিদ্যানিকেতন, টিহু,নলবাৰী ।মুঠ নম্বৰ ৫৮৫।
অৰ্শ্বিতা দুৱৰা চেণ্ট যোছেফ হাইস্কুল,মৰাণহাট শিৱসাগৰৰ মুঠ নম্বৰ ৫৮৫।

দশম স্থান লাভ কৰিছে মুঠ আঠগৰাকী শিক্ষাৰ্থীয়ে।সেইসকল হৈছে- উদীপ্তা কলিতা,উত্তৰ বজালী হাইস্কুল,বৰপেটা।মুঠ নম্বৰ ৫৮৩।
অনিৰ্বাণ দত্ত,বিএল বেৰিয়াৰ সৰস্বতী শিশু মন্দিৰ,ডিব্ৰুগড়। মুঠ নম্বৰ ৫৮৩।
অচ্যুত কুমাৰ চেতিয়া গোলাঘাট জাতীয় বিদ্যালয় ,মুঠ নম্বৰ ৫৮৩।
মনীষা মালাকাৰ,শংকৰদেৱ বিদ্যানিকেতন,হাজো।কামৰূপ। মুঠ নম্বৰ ৫৮৩।
বিতোপন কলিতা,অৰুণোদয় ই এম হাইস্কুল মিৰ্জা ,কামৰূপ।মুঠ নম্বৰ লাভ কৰিছে ৫৮৩।
মিন্টু গায়ন,পুৰণিগুদান আৰ কে বি হাইছেকেণ্ডেৰী স্কুল ,নগাঁও ।মুঠ নম্বৰ ৫৮৩।
দীপজ্যোতি শৰ্মা,শংকৰদেৱ বিদ্যানিকেতন ,টিহু নলবাৰী। মুঠ নম্বৰ ৫৮৩।সাগনিক বণিক ডনবস্ক' হাইস্কুল,হোজাই,নগাঁও।মুঠ নম্বৰ ৫৮৩।

লক্ষণীয় যেএইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজলি উঠিল ব্যক্তিগতখণ্ডৰ বিদ্যালয় সমূহ ।শীর্ষ দহটা স্থানত মুঠ ৩৯গৰাকীৰ পৰীক্ষাৰ্থীৰ ভিতৰত তাৰে ২৯গৰাকীৰ ছাত্ৰ-ছাত্ৰীয়েই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ।

ইফালে হাইমাদ্ৰাছা পৰীক্ষাত প্ৰথম তিনিটা স্থানত উজলি উঠিল গোৱালপাৰা ছেলিম আহমেদ (মুঠ নম্বৰ লাভ কৰিছে ৫৬১),দ্বিতীয় স্থান লাভ কৰিছে দৰংৰ আব্দুল আজিজে (মুঠ নম্বৰ লাভ কৰিছে ৫৫৩)
তৃতীয় স্থান গোৱালপাৰা ইলিয়াছ আলি(মুঠ নম্বৰ লাভ কৰিছে ৫৪৭)।
উল্লেখ যে এইবাৰ হাইমাদ্ৰাছা পৰীক্ষাত অৱৰ্তীন হৈছিল মুঠ ৯১২৭ গৰাকী ছাত্ৰ ছাত্ৰী।তাৰে উত্তীৰ্ণ হয় ৫৩১০ গৰাকী।উত্তীৰ্ণ হাৰ ৫৮.১৮শতাংশ।

Your Comments