অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন, সংবিধান সংশোধনীৰ প্ৰস্তাব গ্ৰহণ

agp

নিউজ ডেস্ক :
 
লোকসভাৰ নিৰ্বাচনৰ পাছত প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদৰ মুখ্য কাৰ্য্যালয়ত আজি অনুষ্ঠিত হয় দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা। দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা দলটোৰ কাৰ্যনিৰ্বাহকৰ সভাত দলৰ সভাপতি অতুল বৰা,কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰমুখ্যে দলটোৰ প্ৰায় সংখ্যক কেন্দ্ৰীয় নেতা উপস্থিত থাকে। আজিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। agp4

আজিৰ কাৰ্যনিৰ্বাহক সভাতে দলীয় সংবিধান সংশোধনীৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত কৰা হয়।উক্ত সংশোধনীৰ বাবে কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত এক সাতজনীয় সংবিধান সংশোধনী কমিটি আজিৰ সভাতে গঠন কৰা হয়। কমিটি খনত সদস্য হিচাপে ডাঃ কমলাকান্ত কলিতা,ৰমেন্দ্ৰ নাৰায়ণ কলিতা,ফণীভূষণ চৌধুৰী, প্ৰদীপ হাজৰিকা,বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু সত্যব্ৰত কলিতাক দায়িত্ব অৰ্পণ কৰা হয়।উল্লেখ যে দলটোৰ তৃণমূল পৰ্যায়ৰ পৰা সাংবিধানিক স্তৰ বিন্যাস বিলাক নাইকিয়া কৰি দলটোক শক্তিশালী কৰাৰ উদ্দেশ্য দলটোৰ সংবিধান সংশোধন কৰিবলৈ বিচৰা  হৈছে বুলি প্ৰকাশ কৰি এই প্ৰস্তাৱটো অহা কালিলৈ দলটোৰ সাধাৰণ পৰিষদৰ সভাত উথাপন কৰা হ'ব বুলিও জানিব দিয়ে দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই।

agp7
ইয়াৰ উপৰিও তেওঁ জানাই যে দিয়ে আজিৰ বৈঠকতে আগন্তক জুনমাহত অসমৰ পৰা খালি হ'ব লগা আসন দুখন  সন্দৰ্ভতো বিতংকৈ আলোচনা কৰা হয়। আৰু ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত দলটোৰ সকলো কেইজন সাধাৰণ সম্পাদক আৰু সকলো বিধায়কক লৈ এখন ১৮ জনীয়া কমিটিয়ো গঠন কৰা হয়।এই কমিটিক অনাগত দিনত আৰু ৰাজ্যসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত সকলো ধৰণৰ আলোচনা আৰু ব্যৱস্থা গ্ৰহণ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰা হয়।

আনহাতে আজিৰ সভাতে লোকসভাৰ নিৰ্বাচনৰ আগত আৰু নিৰ্বাচনৰ পাছত দলটোৰ লোকসভা সমষ্টিভিত্তিক পয্যায়লোচনা সভাত জিলা সমিতি সমূহে দাখিল কৰা বিভিন্ন অভিযোগৰ ওপৰত পৰ্যালোচনা কৰাৰ বাবে এখন অনুশাসনমূলক সমিতি গঠন কৰাৰ বাবে দলৰ সভাপতিক সম্পূৰ্ণ কৰ্তৃত্ব  প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। জানিব পৰা মতে এই অনুশাসন কমিটীখন তিনিজনীয়া হ'ব।আনহাতে আজিৰ বৈঠকত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চি প্ৰক্ৰিয়াৰ সন্দৰ্ভতো আলোচনা কৰা বুলি জানিব দিয়ে।

ইয়াত সমান্তৰালকৈ অগপ নেতা ডাঃ কলিতাই জানিব দি পুনৰ কয় যে সাংবিধানিক ৰক্ষা কৱচ,ছয় জনগোষ্টীৰ জানাজাতিকৰণ আৰু ৰাজ্যৰ বন্ধ হৈ থকা নগাঁও, কাছাৰ আৰু যোগীঘোপা কাগজকল পুনৰ কাৰ্যক্ষম কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ যাবলৈ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনোৱাৰ বাবেও আজিৰ সভাতে  প্ৰস্তাৱ গ্ৰহণ কৰা বুলি জানিব দিয়ে।একেদৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ  তৈলক্ষেত্ৰসমূহ ব্যক্তিগত কৰাৰ বাবে যি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তাক বিৰোধিতা কৰা হ'ব বুলিও তেওঁ জানিব দিয়ে।

ইফালে বাসুগাঁওত দুদিন পূৰ্বে অসমৰ বীৰ শ্বহীদ সকলৰ বেদীত দুৰ্বৃত্তই ক'লা ৰংসনা বিষটোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উচিত তদন্তৰ দাবী জনোৱাৰ বাবে আজি সভাত প্ৰস্তাৱ লোৱা হৈছে বুলিও কলিতাই লগতে উল্লেখ কৰে।

Your Comments