![sibsagar](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-14%20at%2011.15.59%20PM.jpeg?itok=S8kPUYjr)
কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ :
শিৱসাগৰ চহৰৰ সমীপৰ বানমুখ পাতৰ গাঁৱ নিবাসী বিশিষ্ট লেখক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সাহিত্যিক, বিশিষ্ট সমাজকৰ্মী পুষ্প গগৈৰ(৭৫)আজি পুৱা নিজা বাসগৃহত মৃত্যু হয় । শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী গৰাকী সমন্বয় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক, শিক্ষাৰত্ন বঁটা প্ৰাপক, হলীচাচ একাডেমি জুনিয়ৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ,কোঁৱৰপুৰ বুৰঞ্জী প্ৰণয়ন সমিতিৰ অন্যতম বিষয়ববীয়া,আদৰ্শ বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব পালন কৰি আহিছিল। অসমীয়া সাহিত্য জগতলৈ কেইবাখনো গ্ৰন্থৰ মাজেৰে মূল্যৱান অৱদান আগবঢ়াই যোৱা শিক্ষাবিদ-সাহিত্যিক গৰাকীৰ নশ্বৰদেহ আজি পুৱা বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদলৈ নিয়াৰ পিছত বিদ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নিত্যানন্দদেৱ থান পৰিচালনা সমিতি, ৰাজ্যিক অধিবিদ্যা পৰিষদ, পাতৰ গাওঁ যুৱ সংঘ, মটক যুৱক ছাত্ৰ সন্মিলন,কাথপাৰ ছানৰাইজ ক্লাৱকে ধৰি ভালেকেইটা অনুষ্ঠান-প্ৰতিষ্ঠানে তেওঁৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
তেওঁৰ মৃত্যুত শিৱসাগৰ জিলা সাহিত্য সভা,ৰাজ্যিক কৃতী শিক্ষক সন্মিলনী,বানমুখ উচ্চ মাধ্যমিক বিদ্যালয়,সমন্বয় সাহিত্য সভা,আদৰ্শ বিদ্যালয়,দিচাংমুখ প্ৰেছ ক্লাৱ, গ্ৰাম্য সাংবাদিক সন্থা, আহোম ৰয়েল ছ'চাইটিৰ শিৱসাগৰ জিলা সমিতি, উজনি অসম মুছলিম কল্যান পৰিষদ, ৰংপুৰ নাগৰিক মঞ্চ, দিখৌপৰীয়া সন্মিলীত যুৱ সংঘ, কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি, হলি চাৰ্চ একাডেমী,বানমুখ গাঁওৰক্ষী বাহিনী,দিচাংমুখ প্ৰেছ ক্লাৱ, গ্ৰাম্য সাংবাদিক সন্থাৰ উপ সভাপতি যদুমণি বড়াৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
- Log in to post comments
- 31 views