![namrup](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-14%20at%209.53.07%20PM%20%285%29.jpeg?itok=bFFOqxIp)
নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্রতিবেদন :
উদ্যোগ নগৰী নামৰূপৰ বি, ভি, এফ, চি, এলৰ কম'চাৰী সকলে নিজাববীয়াকৈ নামৰূপ বিহু মন্দপত আয়োজন কৰা বিহু অনুষ্ঠানৰ আজি দ্বিতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি দিনৰ ভাগত সাজ পাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ ঠিক পিছে পিছে মুকলি সভা ,স্মৃতি গন্থ উন্নোচন আৰু বঁটা বিতৰণ কাৰ্যসূচী সম্পন্ন হয়। মুকলি সভাত বি, ভি, এফ, চি এলৰ, উৎপাদন বিভাগৰ সঞ্চালক অসীম ঘোষ, মানৱ সম্পদ বিভাগৰ মহা প্ৰৱন্ধক ৰোহিনী কান্ত শৰ্মা আৰু মুখ্য প্ৰশাসনিক বিষয়া প্ৰণৱ কুমাৰ ভট্টাচাৰ্যকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইফালে বিহু সন্মিলনীৰ স্মৃতি গন্থখন উন্নোচন কৰে নামৰূপ মহাবিদ্যালয়ৰঅসমীয়া বিভাগৰ প্ৰৱক্তা বিনিতা বড়াই ।সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰিত শিল্পী সকলে অনুস্থান পৰিবেশন কৰে।
- Log in to post comments
- 13 views