বঙাইগাঁওঃ ১৪ মেঃ
বঙাইগাঁও জিলাৰ এগৰাকী বিবাহিতা মহিলা আৰু এজন ব্যক্তি সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ৷ জিলাখনৰ অভয়াপুৰী থানাৰ অন্তৰ্গত আমবাৰী গাঁৱৰ ৰফিকুুল ইছলামৰ পত্নী আকিমন নেছা নামৰ মহিলাগৰাকী যোৱা পাঁচ মে'ৰ পৰা সন্ধানহীন হৈ আছে ৷ সন্ধানহীন হৈ থকা আকিমন নেছাৰ বয়স ২৬ বছৰ আৰু উচ্চতা ৫ ফুট হ'ব ৷ আনহাতে বঙাইগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজগাঁও ভাটিপাৰাৰ প্ৰবীণ চন্দ্ৰ ৰায় (৪৫) নামৰ লোক এজনো সন্ধানহীন হৈ আছে ৷ লোকজন যোৱা পোন্ধৰ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে ৷ সেয়ে কোনো সদাশয় ব্যক্তিয়ে ওপৰোক্ত মহিলা আৰু ব্যক্তিজনৰ কিবা সম্ভেদ পালে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সহায়ক কক্ষৰ ৯৪৩৫৭৩৬১১১ অথবা ০৩৬৬৪-২৩০৮৯৮ নম্বৰত জনাবলৈ অনুৰোধ জনাইছে ৷
- Log in to post comments
- 6 views