অহাকালি ঘোষিত হ'ব মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল,১৩টা ৱেবচাইটত উপলব্ধ হ'ব ফলাফল

hslc

নিউজ ডেস্ক :
 দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ বাবে সমগ্ৰ দেশ অধিৰ আগ্ৰহেৰে বাটচাই থকা সময়তে বুধবাৰে ৰাজ্যত ছেৱাই ঘোষণা কৰিব ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল। ছেবা কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি অহা কালিলৈ পুৱা ৯বজাত ইণ্টাৰনেটৰ জৰিয়তে ঘোষণা কৰিব ২০১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফল। পূৰ্বৰ বছৰ সমূহৰ দৰে এইবাৰো ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ পৰীক্ষা কেন্দ্ৰত দিনৰ ১১বজাত লাভ কৰিব মাৰ্ক্সচিট আৰু চাৰ্টিফিকেট। ছেবা কৰ্তৃপক্ষই ইতিমধ্যেই প্ৰতিগৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ মাৰ্ক্সচিট আৰু চাৰ্টিফিকেট নিৰ্দিষ্ট জিলাসমূহলৈ বন্ধ খামত প্ৰেৰণ কৰিছে। 

উল্লেখ্য যে এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাত মুঠ ৩লাখ ৫৪হাজাৰ ১৪৩ গৰাকীৰ ছাত্ৰ-ছাত্ৰী অৱৰ্তীন হৈছে।

আনহাতে পূৰ্বৰ বছৰসমূহত প্ৰায় প্ৰতিবাৰেই ছেৱা কৰ্তৃপক্ষই ফলাফল ঘোষণাতৰৈ যোৱা আসোঁৱাহ সমূহৰ বাবে ৰাইজৰ কটুসমালোচনা সন্মুখীন হবলগীয়া হৈ আহিছে। সেই কথা লক্ষ্য ৰাখিয়েই এইবাৰ ফলাফল ঘোষণাত যাতে কোনো আসোঁৱাহ ৰৈ নাযায় তাৰ বাবে ছেবা কৰ্তৃপক্ষই কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে।

আনহাতে ছেবা কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে এইবাৰ ১৩টাকৈ  ৱেবচাইটত পুৱা ৯বজাৰ লগে লগে ফলাফল উপলব্ধ হ'ব বুলি জানিবলৈ দিছে। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে ছেবাই এটা এপ'ৰ জড়িয়তেও ঘোষণা কৰিব এইবাৰৰ ফলাফল। সেই অনুসৰি ছেবাই নিৰ্দিষ্ট কৰা ৱেবচাইট কেইটা হৈছে- results.sebaonline.org, resultsassam.nic.in, www.examresults.net, www.examresults.net/assam/, www.indiaresults.com, exametc.com,
iresults.net,
yesresult.com, www.result.shiksha, www.assam.shiksha, www.assamonline.in, assamjobalerts.com, assamresult.in
ইয়াৰ উপৰিও  SEBA - Mobile Appৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰিব পাৰিব নিজ নিজ ফলাফল সমূহ।

ইয়াৰ সমান্তৰালভাৱে পৰীক্ষাৰ্থীসকলে এছএমএছৰ জৰিয়তেও ফলাফল লাভ কৰাৰ সুবিধা ৰাখিছে ছেবা কৰ্তৃপক্ষই। ছাত্ৰ ছাত্ৰী সকলে SEBA19 spece Roll number send 57766ত এছ এম এছ কৰিও লাভ কৰিব পাৰিব পৰীক্ষাৰ ফলাফল।

Your Comments