নলবাৰীত বিদ্যাৰ্থীৰ মাজত বিনামূলীয়াকৈ  ইংৰাজী অভিধান বিতৰণ    

hemanta1

নলবাৰীৰ পৰা হেমন্ত কলিতা

 

মানুহৰ জীৱনত আশা থাকিব লাগে।আশাই মানুহক জীয়াই ৰাখে আৰু আশাই  জীৱনৰ গতিপথ আগবঢ়াই নিয়ে। এই মন্তব্য ডাঃ বসন্ত কুমাৰ বৈশ্যৰ।প্ৰয়াত ধনেশ্বৰী বৈশ্যৰ সোঁৱৰণত নলবাৰী জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান 'অভিজ্ঞানম' ৰাজহুৱা ন্যাসৰ সহযোগত আৰু ডাঃ বসন্ত কুমাৰ বৈশ্যৰ উদ্যোগত দেওবাৰে  হেম বৰুৱা বিদ্যাপীঠ প্ৰাঙ্গণত দশম শ্ৰেনীৰ ছাত্ৰ -ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইংৰাজী অভিধান বিতৰণ অনুষ্ঠানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নায়ু - শল্য বিভাগৰ মুৰব্বী অধ্যাপক তথা অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ মুখ্য ন্যাসৰক্ষী ডাঃ বসন্ত কুমাৰ বৈশ্যই
 ভাষণ প্ৰসংগত ছাত্ৰ - ছাত্ৰীসকলক মনত আশালৈ অধ্যয়ন,অধ্যৱসায় আৰু আন্তৰিক চেষ্টাৰে স্ব - প্ৰতিভা বিকশিত কৰি নিজক এগৰাকী সু - নাগৰিক হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ উপ-সভাপতি কল্যাণ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা  অনুষ্ঠানটোত গোপালথান পলিটেকনিক ইনষ্টিটিউটৰ প্ৰধান শিক্ষক ৰূপ কুমাৰ শৰ্মা, হেম বৰুৱা বিদ্যাপীঠৰ প্ৰধান শিক্ষক সুৰেন্দ্ৰ নাথ ডেকা, গংগাপুখুৰী বৰকুৰিহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃ শিক্ষক তথা দক্ষিণ নলবাৰী প্ৰেছ ক্লাবৰ উপদেষ্টা বাপুকন ৰাজবংশীয়ে অংশগ্ৰহণ কৰি  ছাত্ৰ - ছাত্ৰীসকলক উদ্দেশ্যে কৰি ভাষণ প্ৰদান কৰে।

 

অভিজ্ঞানম ৰাজহুৱা ন্যাসৰ সম্পাদক প্ৰণৱ প্ৰাণ বাচ্যসে আঁত ধৰা অনুষ্ঠানটোত অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ চাৰিগৰাকী বিশিষ্ট নাগৰিক ক্ৰমে হৰগোবিন্দ ডেকা, ৰমনী মোহন ডেকা,প্ৰকাশ ডেকা আৰু চফিকুৰ ৰহমানক বিহুৱানেৰে সম্ভাষন জনায়। এই অনুষ্ঠানটোতে গোপালথান পলিটেকনিকেল ইনষ্টিটিউট আৰু হেম বৰুৱা বিদ্যাপীঠ দুয়োখন শিক্ষানুষ্ঠানৰ দশম শ্ৰেনীৰ মুঠ ১০০ গৰাকী ছাত্ৰ - ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ একোখন ইংৰাজী অভিধান বিতৰণ কৰে ডাঃ বসন্ত কুমাৰ বৈশ্যই।অনুষ্ঠানটোৰ আৰম্ভণীতে ধনেশ্বৰী বৈশ্যৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

Your Comments