![dhumuha](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-12%20at%2010.28.11%20PM.jpeg?itok=iFSdLxiA)
ভৰালটোলাত ধুমুহাৰ তাণ্ডব,গছ পৰি বিধস্ত কেইবাটাও বাসগৃহ
নৰেন শৰ্মা,বাহাৰঘাট,১২ মে :
আজি পূৱাই হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহাই বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰগাছা গাওঁৰ ভৰালটোলা চুবুৰীৰ বিস্তৰ ক্ষতি সাধন কৰে৷ উল্লেখযোগ্য যে আজি পূৱা প্ৰায় ৭-৪৫ মান বজাত অঞ্চলটোৰ ওপৰৰে প্ৰচণ্ড জোৰৰে প্ৰবাহিত হোৱা ধুমুহা জাকৰ বাবে চুবুৰীটোৰ কেইবাটাও পৰিয়াল গৃহহীন হব লগা পৰিস্থিতিৰ সৃষ্টি হয়৷ অঞ্চলটোৰ গছ গছনি, বিদ্যুতৰ খুটা আদি উভালি পৰাত অঞ্চলটোত বিদ্যুত সেৱাও বিকল হৈ পৰে৷
ইয়াৰ মাজতেই চুবুৰীটোৰ দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা জিতু মেধিৰ মুলঘৰটোৰ ওপৰত এডাল প্ৰকাণ্ড গছ উভালি পৰাত পৰিয়ালৰ সদস্য সকল কথামপি ৰক্ষা পৰে যদিও ঘৰটো সম্পূৰ্ণৰূপে ধ্বংস হয়। আনহাতে ক্ষুদ্ৰ-উপান্ত খেতিয়ক ৰমেন ডেকাৰ বাসগৃহটো ধুমুহাই সম্পূৰ্ণ ৰূপে উৰুৱাই নিয়াৰ লগতে অৱস্থিত খিনিটো এডাল গছ উভালি পৰে। ইপিনে কৃষক দীজেন ডেকা পাকঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে পুনেশ্বৰ বড়ো,প্ৰানেশ্বৰ বড়ো,বিনোদ বড়ো,ৰাজেন বড়ো আদিৰ থকা ঘৰ কেইটাৰো বিস্তৰ ক্ষতি সাধন কৰে৷
তদুপৰি অঞ্চলটোৰ উদ্যমী যুৱক উৎপল ডেকা সহ কেইবাজনেও লগহৈ কৰা প্ৰায় বিশ বিঘা মাটিৰ মালভোগ কলৰ বাগান খন ধুমুহাই মহতিয়াই বিধস্ত কৰাৰ লগতে কেইবাজনো কৃষকৰ জিকা,ৰঙালাও,কোমোৰা আদিৰ খেতিৰো ব্যাপক ক্ষতি সাধন কৰে৷ ইয়াৰোপৰি ৰন্টু ডেকা,উৰু তালুকদাৰ,অচ্যুত ডেকা,পৰেশ বড়ো,সোনেশ্বৰ বড়ো,জিতু তালুকদাৰ,ৰঞ্জিতা বড়ো,শাস্তি বড়ো,নৃপেন বড়ো,মতি বড়ো,তপন ডেকা,দেৱজিৎ তালুকদাৰ,অনিল ডেকা,নিৰঞ্জন বড়ো,উপেন্দ্ৰ স্বৰ্গিয়াৰী, দুলাল ডেকা,পহ্লাদ তালুকদাৰ(বৰগাছা) আদিৰ গৃহৰো আংশিক ক্ষতি কৰাৰ উপৰি অঞ্চলটোৰ প্ৰায়ভাগ পৰিয়ালৰ কম বেছি পৰিমাণে ক্ষয়ক্ষতি হয়৷
ধুমুহাৰ পিছতে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ তৎপৰাতাত সানেকুছি গাওঁ পঞ্চায়তৰ সভাপতি মুনীন্দ্ৰ বেজে পঞ্চায়ত সদস্য যোগেন তালুকদাৰ সহ কেইবাজনো কৰ্মী লগতলৈ ঘটনা স্থলী পৰিদৰ্শন কৰে৷ আনহাতে চৰকাৰী ভাবে লাটমণ্ডল সহ গাওঁ বুঢ়া শচীন্দ্ৰ হুজুৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়াল সমুহৰ ক্ষয়ক্ষতিৰ বুজ লয়৷
- Log in to post comments
- 26 views