ৰমজান মাহৰ ৰোজা উপলক্ষে গোসাইগাঁৱৰ অক্সিগুৰিত খাদ্য সামগ্ৰী বিতৰণ

gosai

গোসাইগাঁৱৰ প্রতিবেদক :

 ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহৰ ৰোজা ৰখাৰ বাবে ঈশা ফাউণ্ডেচন আৰু মাৰ্কাজুল মা'আৰিফ, হোজাইৰ উদ্যোগত অতিকৈ দুখীয়া পৰিয়ালক  আংশিক সকাহ দিয়াৰ উদ্দেশ্যেৰে খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। গোসাইগাঁৱৰ অক্সিগুৰি গাঁৱৰ ৰফিকুল ইছলামৰ বাসভৱনত খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰা হয়। গোসাইগাওঁ অঞ্চলৰ কেইবাশ পৰিয়ালৰ মাজত চাউল,  সৰিয়হৰ তেল ,খেজুৰ, চেনি, বুট, মচুৰ দাইল বিতৰণ কৰা হয়।এনেদৰে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালসমূহ উৎফুল্লিত  হয় ।

Your Comments