'আইচিছ'ৰ লক্ষ্য কামাখ্যা মন্দিৰ : কটকটীয়া নিৰাপত্তা ব্যৱস্থা

kamakhya mandir

তপন বৰগোহাঁই


শ্ৰীলংকাত বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আইচিছৰ ভয়ংকৰ আক্ৰমণৰ পাছত এতিয়া অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী। কেন্দ্ৰীয় চোৰাংচোৱা সন্থাই 'আইচিছ'-এ অসম আক্ৰমণৰ ব্লুপ্ৰিন্ট ৰচনা কৰা বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক অৱগত কৰাৰ পিছত এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সতৰ্ক কৰি দিছে অসম আৰক্ষীক।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ  সতৰ্কবাণীৰ পিছতে এতিয়া অসম আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা  কটকটীয়া কৰি তুলিছে। 


আইচিছৰ ব্লুপিণ্টৰ কথা জানিব পাৰিয়ে দিছপুৰত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সঘনে বহিছে ইখনৰ পাছত সিখন গুৰুত্বপূৰ্ণ বৈঠক।গৃহ বিভাগে আৰক্ষী অধীক্ষকসকলক প্ৰতি জিলাৰ ব্যস্ততাপূৰ্ণ ৰাজহুৱা স্থান,ৰে'ল ষ্টেচন,বাছ আস্থান,প্ৰসিদ্ধ মঠ-মন্দিৰ,বিমানবন্দৰ, শ্বপিং মল, ছবিগৃহ, হোটেল, ল'জ, সচিবালয় আদি সকলোতে উন্নতমানৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনাইছে।আৰক্ষীৰ এক বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি মহানগৰীৰ  আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে মহানগৰীৰ অতি স্পর্শকাতৰ অঞ্চলসমূহত চিচিটিভি ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। জানিব পৰা মতে,মহানগৰীৰ বহুতো গুৰুত্বপূৰ্ণ স্থানত নিৰাপত্তাৰ বাবে সংলগ্ন কৰা বহুতো চিচিটিভি বৰ্তমান সময়ত বিকল হৈ পৰিছে।সেই বিকল চিচিটিভিসমূহ অতি সোনকালে সক্ৰিয় কৰি তুলি নিৰাপত্তা ব্যবস্থাটোত সহায় হোৱাকৈ গঢ়ি তুলিবলৈ নির্দেশ প্ৰদান কৰিছে।আনহাতে, চোৰাংচোৱা সন্থাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক আইচিছৰ টাৰ্গেট শক্তিপীঠ কামাখ্যা মন্দিৰ হ'ব পাৰে বুলি সতৰ্ক কৰি দিয়াৰ পিছতে শক্তিপীঠ খনত পূৰ্বতকৈ নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰা হৈছে। শুকুৰবাৰে সন্ধিয়া মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰৰ লগতে বহুকেইজন আৰক্ষী বিষয়াৰ উপস্থিতিত মন্দিৰ পৰিচালনা সমিতিৰ সৈতে নিৰাপত্তা সম্পৰ্কত এক গুৰুত্বপূৰ্ণ  বৈঠকত মিলিত হয়।বৈঠকৰ পিছতে শক্তিপীঠখনৰ মূল প্ৰৱেশদ্বাৰত দুটাকৈ মেটেল ডিটেক্টৰ স্থাপন কৰা হয়।প্ৰতিজন ভক্তৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষী -প্ৰশাসনে।ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়,ৰে'ল ষ্টেচন,সচিবালয় আদিত পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।


একেদৰে শুকুৰবাৰে মহানগৰীৰ হোটেল ৰেডিচন ব্লুত মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ আৰু আৰক্ষীৰ শীর্ষ বিষয়াসকল হোটেল,শ্বপিংমল, ছবিগৃহ,লজ আদিৰ মালিকসকলৰ সৈতে নিৰাপত্তা সন্দৰ্ভত বৈঠকত মিলিত হয়।উক্ত বৈঠকত আৰক্ষীৰ আয়ুক্তগৰাকীয়ে ছবিগৃহৰ মালিকসকলক নিৰাপত্তা দিশটোৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়।ইয়াৰ উপৰিও হোটেল আৰু ল'জসমূহত থকা অতিথিসকলৰ সম্পূৰ্ণ তথ্য ৰাখিবলৈ নির্দেশ প্ৰদান কৰিছে।


ইয়াৰ উপৰিও সন্দেহজনক বাহন ৰাইজে প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়াৰ বাবে আহ্বান জনাইছে।মুঠৰ ওপৰত আইচিছৰ ভয়ংকৰ কূটাঘাতৰ পৰা জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিবৰ বাবে এতিয়া ৰাজ্যৰ  আৰক্ষী বিভাগে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

Your Comments