![joysagar](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-05-10%20at%208.03.52%20PM.jpeg?itok=P4Mbh420)
শিৱসাগৰঃ১০ মে:
জয়সাগৰৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত কালি ৰঙালী উৎসৱ উদযাপন কৰা হয়। পুৱা ১০ বজাত বিহুৱান উত্তোলন কৰে প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ লক্ষীপ্ৰসাদ তামুলীয়ে। ৰঙালী উৎসৱ উদ্বোধন কৰে অধ্যক্ষ দিচেন গগৈয়ে। কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে জেষ্ঠজনৰ লগতে শিক্ষাগুৰু সকলক বিহুৰ ওলগ আৰু সেৱা জনোৱাৰ পাছতে পৰম্পৰাগত ভাৱে কণী যুঁজ অনুস্থিত কৰা হয় । তাৰ পাছতে শিক্ষক আৰু শিক্ষাৰ্থী সকলে বিহুৰ পৰম্পৰা অনুসৰি জলপান আৰু পিঠা-পনা খায়। ৰঙালী উৎসৱৰ কাৰ্যসূচীত কেন্দ্ৰৰ ছাত্ৰীসকলে জেং বিহু, বিহু নৃত্য পৰিবেশন কৰে। কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে হুঁচৰি পৰিবেশন কৰাৰ লগতে বিহু গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে। অনুষ্ঠানত কেন্দ্ৰৰ উপাধ্যক্ষ মীনাকুমাৰী বৰুৱা, নিৰ্দেশকদ্বয় শ্যামন্ত কুমাৰ চুতীয়া আৰু ঋষভ জ্যোতি পাটৰ উপস্থিত থাকে।
- Log in to post comments
- 36 views