তপন বৰগোহাঁই
দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ অহা ১২ আৰু ১৯ মে'ৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে অহা ২৩ মে'ত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ ফলাফল ঘোষণাত যাতে কোনো খুঁত ৰৈ নাযায়,অথবা ফলাফল ঘোষণাৰ দিনা যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয়,সেই কথা লক্ষ্য ৰাখি দেশৰ নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে সাজু হোৱা দেখিবলৈ পোৱা গৈছে।একেদৰে অসমৰো ১৪টা লোকসভা সমষ্টিৰ ফলাফল ঘোষণা যাতে সম্পূৰ্ন নিখুঁত আৰু নিয়াৰিকৈ সম্পন্ন হৈ যায়,তাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগ সম্পূৰ্ণ সাজু হৈ উঠিছে।
ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক বিশেষ সূত্ৰই 'নিউজ এএছএন'ক জানিবলৈ দিয়া অনুসৰি ২৩ মে'ৰ দিনা পুৱা ৮ বজাৰ পৰা অসমৰ ১৪টা লোকসভা সমষ্টিৰ ১৪৫ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰা ভোটগণনা আৰম্ভ হ'ব।লগতে সূত্ৰটোৱে জানিবলৈ দিয়ে যে অসমৰ ১৪টা সমষ্টিৰ ভোটগণনা ৫১টা কেন্দ্ৰত অনুষ্ঠিত হ'ব।তাৰ বাবে ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰিছে ৫১টা নিৰ্দিষ্ট কেন্দ্ৰ।
ইফালে,আকৰ্ষণীয় গুৱাহাটী লোকসভা সমষ্টিৰ মুঠ ১৭গৰাকী প্ৰাৰ্থীৰ ভোটগননাৰ বাবে আয়োগে নিৰ্ধাৰণ কৰিছে মুঠ চাৰিটা কেন্দ্ৰ।সেই অনুসৰি গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰ ,আমিনগাঁও, গোৱালপাৰা আৰু নলবাৰীত গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগণনা কৰা হ'ব।
ইফালে,ভোটগণনাৰ বাবে কিমান বিষয়া-কৰ্মচাৰী কেন্দ্ৰসমূহত নিয়োগ কৰিব, সেই সম্পৰ্কত ৰাজ্যিক নিৰ্বাচন আয়োগে সঠিক সংখ্যা এতিয়াই কোৱা নাই। যদিও জানিবলৈ দিয়ে যে পূৰ্বৰ নিৰ্বাচনসমূহৰ দৰে প্ৰয়োজন অনুসৰি নিয়োগ কৰা হব বিষয়া-কৰ্মচাৰী।একেদৰে নিৰাপত্তা দিশটোৰ বাবেও আয়োগে ভোটগণনা কেন্দ্ৰসমূহত বিশেষ ব্যৱস্থাগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।
- Log in to post comments
- 20 views