কৃত্ৰিম বানত বুৰিল সোণাৰি চহৰ 

sonari

সোণাৰিৰ পৰা ঘন বৰা :

একেৰাহে দিয়া ধাৰাষাৰ বৰষুণত ডুবিল সোণাৰি পৌৰসভাৰ এলেকাৰ কেইবাটাও ৱাৰ্ড ।এই বানত বুৰিল সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ লগতে সোণাৰি টাউন হাই স্কুল। যাৰ ফলত পাঠদানৰ পৰা বঞ্চিত হব লগা হৈছে ছাত্র ছাত্ৰী। কৃত্ৰিম বানপানীত ডুবিল ঐতিহাসিক ধোদৰ আলি ।

sonari2 যোৱা কালিৰ পৰা অনুষ্ঠিত হৈ থকা সোণাৰি ৰাজহুৱা বিহু সন্মিলনৰ পেণ্ডেলো বুৰিল এই বানত। সোণাৰি পৌৰ সভাৰ বিৰুদ্ধে ক্ষোভ নগৰবাসীৰ। জিলাখনৰ বিভিন্ন ঠাইত নেৰানেপেৰাকৈ দিয়া বৰষুণৰ ফলত ৰাস্তাসমুহ পানীত বুৰ যোৱাত যাতায়তত ব্যাঘাত জন্মিছে।
 

Your Comments