'৯৫ শতাংশ কাৰ্যনিৰ্বাহক সদস্যৰ বিৰোধিতাৰ পিছতো বিজেপিৰে নিৰ্বাচনী মিত্ৰতা কৰিছিল অতুল বৰা-কেশৱ মহন্তই'

agp

তপন বৰগোহাঁই

অগপৰ সভাপতি অতুল বৰাই নিজৰ কৃষি বিভাগত সংঘটিত হোৱা ট্ৰেক্টৰ বিতৰণ আৰু চৰকাৰী বীজ বিতৰণৰ কেলেংকাৰিৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে বিজেপিৰ ওচৰত 
বন্ধকত ৰাখিছে অগপ দলক। লগতে কেশৱ মহন্তই জলসম্পদ বিভাগত ভাতৃ কৃষ্ণ মহন্তই মথাউৰি নিৰ্মাণৰ নামত সংঘটিত কৰা ব্যাপক দুৰ্নীতি ঢাকিবৰ বাবে যোৱা লোকসভাৰ নিৰ্বাচনত দলৰ ৯৫% শতাংশ কাৰ্যনিৰ্বাহক সদস্যই বিজেপিৰে নিৰ্বাচনী মিত্ৰতাৰ বিৰোধিতা কৰাৰ পিছতো মিত্ৰতা কৰিলে। এই গুৰুতৰ অভিযোগ অগপৰ পদত্যাগী কেন্দ্ৰীয় আইন উপদেষ্টা হেমেন বৰাৰ।আজি গুৱাহাটী প্ৰেছ ক্লাবত আইন উপদেষ্টাগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি অগপ দলৰ সভাপতি অতুল বৰাই যোৱা ৮মে' তাৰিখে তেজপুৰত দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বিজেপিৰে মিত্ৰতাৰ বিৰোধিতাৰ কৰাৰ বাবে যি ভাবুকি প্ৰদান কৰিছিল,তাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। অতুল বৰাই সংবাদ মাধ্যমৰ আগত বিজেপিৰে মিত্ৰতাক  দলৰ সামূহিক সিদ্ধান্ত বুলি কোৱাটোক কটাক্ষ কৰি প্ৰাক্তন আইন উপদেষ্টাগৰাকীয়ে কয় যে  সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই কেৱল নিজৰ স্বাৰ্থৰ বাবেহে মিত্ৰতা কৰিছে। আনহে নালাগে,লোকসভাৰ নিৰ্বাচনৰ বাবে যোৱা ২০ ফেব্ৰুৱাৰীত দলৰ মুখ্যকাৰ্যালয়ত যি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল,সেই সভাত কাৰ্যনিৰ্বাহক সদস্যসকলে 'কেব' বিৰোধী যিকোনো দলৰ লগতে প্ৰয়োজনত মিত্ৰতা হ'ব পাৰে বুলি উল্লেখ কৰিছিল।কিন্তু বিজেপিৰ লগত কোনো কাৰণতে মিত্ৰতা হ'ব নোৱাৰে বুলি কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তাৱনাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু কেশৱ মহন্ত আৰু অতুল বৰাই ধনবল আৰু বাহুবল প্ৰয়োগেৰে দলৰ উৰ্ধত গৈ বিজেপিৰ লগত মিত্ৰতা কৰিছে। 

ইয়াৰ উপৰিও বৰাই কয় যে অতুল বৰা আৰু কেশৱ মহন্তৰ মিত্ৰতাক অন্যান্য জিলা সমিতিসমূহৰ লগতে যোৰহাট জিলা সমিতিয়েও বিৰোধিতা কৰিছিল।কিন্তু কোনো জিলা সমিতিৰ কথা নুশুনিলে তেওঁলোকে। ফলত মিত্ৰতা কৰাৰ পিছতে যোৰহাট জিলাৰ নিষ্ঠাৱান কর্মীসকলে যোৰহাট জিলা অগপ কাৰ্যালয়ত তলা লগাই দিয়াৰ লগতে তাত থকা নেতৃত্বৰ ফটো আৰু কিছু আচবাব জ্বলাই দিছিল। আনহে নালাগে,যোৰহাট জিলাত মিত্ৰতাৰ বাবে প্ৰায় সকলো শিক্ষিত আৰু নিষ্ঠাৱান কর্মীয়ে আজি মিত্ৰতাৰ বিৰোধিতা কৰি অতুল বৰা আৰু কেশৱ মহন্তৰ বিপক্ষত অৱস্থান গ্ৰহণ কৰিছ।

ইফালে,উক্ত সংবাদমেলতে দলটোৰ  বহিষ্কৃত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হৰেশ ভূঞাই কয় যে অতুল বৰা আৰু কেশৱ মহন্তই লোকসভাৰ নিৰ্বাচনৰ মিত্ৰতাৰ বাবে যি দলটোৰ ৯জনীয়া নিৰ্বাচনী ৰণকৌশল কমিটিৰ গঠন কৰিছিল,তাৰ সদস্যসকল দলটোৰ নিষ্ঠাৱান সদস্য নহয়। কেশৱ মহন্ত আৰু অতুল বৰাই নিজৰ মানুহেৰে গঠন কৰা হৈছিল কমিটীখন।সমিতিখনত প্ৰফুল্ল কুমাৰ মহন্তৰ নাম ৰাইজক দেখুৱাইৱা ৰখা হৈছিল যদিও অনুষ্ঠানিকভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সেই কথা জনোৱা হোৱা নাছিল।ফলত সেই ৰণকৌশল সমিতিৰ বৈঠকত উপস্থিত থকা নাছিল প্ৰফুল্ল কুমাৰ মহন্ত।


ইয়াৰ উপৰিও সংবাদ মেলত হেমেন বৰাই কয় যে এদিন যিজন হিমন্ত বিশ্ব শৰ্মাই অগপ কাৰ্যালয়টোক ভৱিষ্যত দিনত বিবাহ ভৱন হ'ব বুলি ইতিকিং কৰিছিল,সেই একেজন হিমন্ত বিশ্ব শৰ্মাক আমবাৰীলৈ আনি মিঠাই খুৱাই ফটো তোলাটো সহজে গ্ৰহণ নকৰে তৃণমূল পৰ্যায়ৰ নিষ্ঠাৱান কর্মীসকলে।ইফালে, এইবাৰ লোকসভাৰ নিৰ্বাচনত তিনিখন আসনৰ এখনটো দলটো জয়ী হ'ব নোৱাৰে বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰে। আনহাতে দলটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে কেশৱ মহন্ত,অতুল বৰাই বিজেপিত যোগদান কৰিলে ভাল পাম বুলি উল্লেখ কৰি কয় অগপ দলটো নাগপুৰ আৰু হেঙেৰাবাৰীৰ পৰা পৰিচালনিত নহৈ আমবাৰীৰ পৰাহে পৰিচালনা হ'ব লাগে বুলি দাবী কৰে। ইফালে মন্ত্ৰিত্ব ত্যাগ কৰি ফণীভূষণ চৌধুৰীয়ে মানুহক দেখুৱাই কান্দিছিল,কিন্তু অতুল বৰা আৰু কেশৱ মহন্তই লোভনীয় পদত থাকি মানুহক দেখুৱাই কান্দিব নোৱাৰি ফেকুৰিচিল। তেওঁ কয় যে অতুল বৰা আৰু কেশৱ মহন্তই  মন্ত্ৰিত্ব ত্যাগ কৰিছিল,কিন্তু ত্যাগ কৰা নাছিল মন্ত্ৰিত্বৰ বাহন

Your Comments