![bihu](/sites/default/files/styles/article_detail/public/2019-05/WhatsApp%20Image%202019-04-15%20at%2010.47.48%20AM.jpeg?itok=zZZXoX1A)
নৰেন শৰ্মা,বাহাৰঘাট,১০ মে :
শ্বহীদ স্মৃতি সংঘ ও পুথিভঁৰাল বৰখালাৰ উদ্যোগত অহা ১২ মেত এদিনীয়া কাৰ্য্যসূচীৰে ২ নং বৰখালা প্ৰাথমিক বিদ্যালয় খেল পথাৰ প্ৰাংগণত ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰিছে ৷ তদুপলক্ষে সেইদিনা পূৱা ৭-৩০ বজাত পতাকা উত্তোলন,আঠ বজাত শ্বহীদ বেদীত মাল্যাৰ্পণ,৮-৩০ বজাত বৃক্ষ ৰোপন,৯-৩০ বজাত চাফাই অভিযান,১১ বজাত ভেশচন প্ৰতিযোগিতা,আবেলি চাৰি বজাত হৰিচৰণ দাস সোৱৰণী মঞ্চ উদ্বোধন কৰিব প:ব:ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ শচীন্দ্ৰ শৰ্মাই৷আবেলি ৪-৩০ বজাত অসমীয়া আধুনিক গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱাই৷
সন্ধিয়া সাত বজাত বন্তি প্ৰজ্বালন কৰিব দেহাৰকুছি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য ফনীনাথ লহকৰে,নিশা আঠ বজাত হিতেশ্বৰ বুজৰবৰুৱা সোৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব নগাঁও জিলা উন্নয়ন আয়ুক্ত ভূপেশ চন্দ্ৰ দাসে,ন বজাত দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মাই টোপধ্বনি উদ্বোধন কৰিব৷ সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পী নিশাৰাণী আৰু অভিনৱ মুকুটৰ লগতে কেইবা গৰাকীও স্থানীয় শিল্পীয়ে সংগীত পৰিবেশন কৰিব৷
ইতিমধ্যে দীনেশ চন্দ্ৰ শৰ্মাক সভাপতি,যোগেশ্বৰ শৰ্মাক কাৰ্য্যকৰী সভাপতি,সোনমনি শৰ্মাক সম্পাদক ,বিকাশ শৰ্মা আৰু পংকজ দাসক সহ সম্পাদক হিচাবে লৈ এখন পৰিচালনা সমিতি গঠন কৰিছে৷
- Log in to post comments
- 14 views