প্ৰদীপ লস্কৰ,কলিয়াবৰ :
খিলঞ্জীয়া ভূমিপুত্ৰৰ মৌলিক অধিকাৰক জলাঞ্জলী দি ১০ কি:মি: উদ্যান সম্প্ৰসাৰণ আৰু ইক' ছেন্সিটিভ জোন গঠনৰ তীব্ৰ বিৰোদ্ধিতা কৰি আজি বাগৰিত এক বিশাল গনসমাৱেশৰ আয়োজন কৰা হয়।
প্ৰায় দহ সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাত এনজিঅ' কৰ্মী ৰৌহিত চৌধুৰীয়ে সেউজ ন্যায়ধীকৰণক ভুৱা প্ৰতিবেদনেৰে বিপথে পৰিচালিত কৰা হৈছে বুলি তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ।
লগতে অসৎ উদ্দেশ্যৰে ৰাইজক হাৰাশাস্তি নকৰিবলৈ সকিয়াই দিয়ে। মোহন বে কে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য ৰাজ্য চৰকাৰক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১০ কি:মি: সম্প্ৰসাৰণ আৰু ইক' ছেন্সিটিভ জোন গঠন নকৰিবৰ বাবে আহ্বান জনাই।
- Log in to post comments
- 21 views