১১ মে'ত গুৱাহাটী বিশ্ববিদ্যালয়ত 'লোকৰংগম'ৰ আয়োজন

gu

তপন বৰগোহাঁই


গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত অহা ১১মে' শনিবাৰে বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে ভাওনা, পুতলা নাচ আৰু আলোচনাচক্ৰৰ  সমাহাৰেৰে 'লোকৰংগম' নামৰ এক ব্যতিক্ৰমী অনুষ্ঠানৰ।আজি এখন সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে অনুষ্ঠানটোৰ সমন্বয়ক সুব্ৰত দত্তই।গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদমেলখনত দত্তই কয় যে ১১মে'ৰ দিনৰ ১১বজাত 'লোকৰংগম'ৰ আৰম্ভণি হ'ব 'বাক্কলহ' নামৰ এখন গুৰুত্বপূৰ্ণ আলোচনাচক্ৰৰে।

'আঞ্চলিকতাবাদ,যুৱ প্ৰজন্ম আৰু সংবাদ মাধ্যম' বিষয়ৰ উক্ত আলোচনাচক্ৰত ৰাজ্যৰ ছয়টাকৈ ছাত্ৰ সংগঠনৰ একোজনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সেই অনুসৰি আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ হৈ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ,  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানস কোঁৱৰ, এছএফআইৰ নিৰংকুশ নাথ, অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ জ্যোতিৰ্ময় কলিতা,এনএছইউআইৰ জ্যোতিবিকাশ চাংমাই আৰু অখিল ভাৰত বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক ৰাজেশ দাস। অনুষ্ঠানটো পৰিচালনা কৰিব জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে।

ইয়াৰ উপৰিও সংবাদমেলত তেওঁলোকে জানিবলৈ দিয়ে বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত দিনা সন্ধিয়া ৬.৩০ বজাত অসমৰ সমাজ-জীৱনৰ পৰা হেৰাই যাবলৈ ধৰা লোকসংস্কৃতি পুতলা নাচ প্ৰদৰ্শন  কৰিব। উক্ত পুতলা নাচৰ জৰিয়তে ভুৱা খবৰ ,উৰাবাতৰিৰ দৰে সমাজ জীৱনৰ সমস্যাৰ  লগতে পথ সুৰক্ষাৰ দিশত ৰাইজক সজাগ কৰা হ'ব।

একেদৰে সন্ধিয়া ৭বজাত বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে সম্পৰীক্ষামূলকভাৱে  মঞ্চস্থ কৰা হ'ব শংকৰ গুৰুজনাৰ অংকীয়া নাট 'ৰুক্মিণী হৰণ'। 

উল্লেখ্য যে বিভাগটোৰ এই 'লোকৰংগম' অনুষ্ঠানটোলৈ সঁহাৰি জনাইছে অসম চৰকাৰৰ পৰ্যটন বিভাগে। ইফালে অনুষ্ঠানটোৰ মুকলি কাৰ্যসূচীত উপস্থিত থাকিব  বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ,পঞ্জীয়ক তথাবোকাজান সমষ্টিৰ বিধায়ক ড: নোমল মমিন।

Your Comments