আমাৰ দিনতো কম-বেছি পৰিমানে ইভিএম টেম্পাৰিং কৰা হৈছিল-তৰুণ গগৈ

tarun

নাং কৃষ্টিপ্রিয়া গগৈ

'এয়াৰপৰ্ট,তৈল‍ক্ষেত্ৰক বিক্ৰী কৰাৰ দৰে বিজেপি চৰকাৰে এদিন অসমখনকো বিক্ৰী কৰি দিব।ইভিএম টেম্পাৰিং নোহোৱাকৈ আকৌ এবাৰ মোডী চৰকাৰ গঠন কৰাটো সম্ভৱ নহয়।পুনৰবাৰ কংগ্ৰেছৰ চৰকাৰ আহিলে এবছৰৰ ভিতৰত দুয়োটা কাগজ কল মুকলি কৰি দিয়া হ'ব।সম্পূৰ্ণ এনআৰচিখনো শুদ্ধ নহ'ব।আৰএছএছৰ মতেই এনআৰচিৰ কামসমূহ কৰি থকা হৈছে।'বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেলত এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। 
     

সংবাদমেলখনত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এইবাৰ পৰাজয় নিশ্চিত। কিয়নো মোডীৰ শনি দশা চলি আছে।' 
         

আনহাতে,এনআৰচিৰ কথা উল্লেখ কৰি তেওঁ কয়- '২৫ জুলাইত 'এনআৰচি'ৰ সম্পূৰ্ণ খচৰাখন ওলাব, কিন্তু এইবাৰো এইখন শুদ্ধ নহয়।  বিজেপিয়ে শুদ্ধ এনআৰচিখন প্ৰকাশ কৰিবলৈ যিমানখিনি গুৰুত্ব দিব লাগিছিল,সিমানখিনি গুৰুত্ব দিয়া নাই। যাৰ ফলত এনআৰচিখনে সাধাৰণ মানুহক কেৱল মাত্ৰ হাৰাশাস্তিহে কৰিছে।'
      

ইভিএম টেম্পাৰিং নকৰাকৈ এইবাৰ নৰেন্দ্ৰ মোডী পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। আমাৰ দিনতো কম-বেছি পৰিমানে এই ইভিএম টেম্পাৰিং কৰা হৈছিল।পুনৰবাৰ যদি কংগ্ৰেছৰ চৰকাৰ আহে, তেনেহ'লে অসমত দুয়োটা কাজল কল এমাহৰ ভিতৰতে মুকলি কৰি দিব বুলিও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

Your Comments