নিৰুপমা বৰগোহাঁঞিক প্ৰদান কৰা হ'ব সতী ৰাধিকা বঁটা

anusucit

তপন বৰগোহাঁই

অসম অনুসূচীত জাতি যুৱ-ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ৰাজ্যিক ভিত্তিত সতী ৰাধিকা দিৱস উদযাপন কৰা হ'ব।অহা ১৮ মে'ত  দিনজোৰা কাৰ্যসূচীৰে সংগঠনটোৱে গুৱাহাটীৰ  অসম সাহিত্য সভাৰ  জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত সতী ৰাধিকা দিৱস  উদযাপন কৰিব।এই কথা আজি এক সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে সংগঠনটোৱে।


গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলত অসম অনুসূচীত জাতি যুৱ-ছাত্ৰ সন্থাৰ সভাপতি নিপেন দাসে কয় যে ২০১৩ চনৰ পৰা সংগঠনটোৱে ৰাজ্যিকভিত্তিত আয়োজন কৰি আহিছে সতী ৰাধিকা দিৱস।লগতে জানিবলৈ দিয়ে যে মহীয়সী নাৰীগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে ৰাজ্যখনৰ একোগৰাকী বৰেণ্য ব্যক্তিক প্ৰতি বছৰে সংগঠনটোৱে প্ৰদান কৰি আহিছে সতী ৰাধিকা বঁটা। সেই অনুসৰি সংগঠনটোৱে ২০১৯ বর্ষৰ বাবে সতী ৰাধিকা বঁটা প্ৰদান কৰিব বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঁঞিক।অহা ১৮ মে'ত সতী ৰাধিকা দিৱসৰ দিনাই বিশিষ্ট সাহিত্যিকগৰাকীক প্ৰদান কৰিব লগা বঁটাত আছে ২০ হাজাৰ টকা,শৰাই, মানপত্ৰ আৰু গামোচা।


ইয়াৰ উপৰিও আজিৰ সংবাদমেলতে সংগঠনটোৱে সতী ৰাধিকাৰ জন্মদিনটোত চৰকাৰী বন্ধ ঘোষণা কৰিব লাগে বুলি  অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।v

Your Comments