তপন বৰগোহাঁই
ৰাজ্যৰ শিক্ষা জগতৰ বাবে এক দু:খবৰ।অসমৰ চৰকাৰে যোৱা ৫ ফেব্ৰুৱাৰীত মুকলি কৰা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল। অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচনে বাতিল কৰিছে অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ স্বীকৃতি। উল্লেখ্য যে অভিযান্ত্ৰিক মহাবিদ্যালয়খনত আছিল ৯২ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰা অভিযান্ত্ৰিক মহাবিদ্যালয়খন চলিত বর্ষৰ পাঁচ ফেব্ৰুৱাৰীতে মুকলি কৰা হৈছিল যদিও আজি পৰ্যন্ত অভিযান্ত্ৰিক মহাবিদ্যালয়খনত নিযুক্তি দিয়া নহ'ল স্থায়ী অধ্যক্ষ।
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সত্যজিৎ পাল নামৰ অধ্যাপকগৰাকীক অধ্যক্ষ হিচাপে দায়িত্ব দিছিল নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়খনত।ইয়াৰ উপৰিও ৱৰ্কচপ ইনচাৰ্জগৰাকীক যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা আনি নতুন মহাবিদ্যালয়খনত দায়িত্ব দি ৰাখিছে ৰাজ্যৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ে।একেদৰে কাৰ্যলয় সহায়কগৰাকীকো গোলাঘাট গাৰ্লছ পলিটেকনিকৰ পৰা আনি কাম চলাই আছিল অভিযান্ত্ৰিক মহাবিদ্যালয়খনত ।
গুৰুত্বপূৰ্ণ কথা এই যে এই অতিথি কৰ্মচাৰীসকলে এই অভিযান্ত্ৰিক মহাবিদ্যালয়খনত কাম কৰিলেও দৰমহা লয় নিজৰ স্থায়ী কৰ্মস্থলীসমূহতহে।ইয়াৰ উপৰিও অভিযান্ত্ৰিক মহাবিদ্যালয়খনত অল ইণ্ডিয়া কাউন্সিল ফ'ৰ টেকনিকেল এডুকেচনৰ নিয়ম অনুসৰি নাই প্ৰয়োজনীয় স্থায়ী শিক্ষক।এক কথাত ক'বলৈ গলে এখন অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ যিধৰণৰ আন্তঃগাঁঠনি হব লাগে,সেই পৰ্যায়ৰ আন্তঃগাঁঠনি নাই অভিযান্ত্ৰিক মহাবিদ্যালয়খনত। তাৰ বাবে স্বীকৃতি বাতিল কৰা হৈছে অভিযান্ত্ৰিক প্ৰতিষ্ঠানখনৰ।
আনহাতে লক্ষনীয় কথা এই যে যোৱা ২০১৮ বর্ষৰ ৩০ আৰু ৩১ এপ্ৰিলত দুখন জাননীৰ জড়িয়তে 'এআইচিটি'য়ে মহাবিদ্যালয়খন যে স্বীকৃতি পাবৰ যোগ্য নহয়, সেই সন্দৰ্ভত জাননী জাৰি কৰিছিল। কিন্তু অতি দুৰ্ভাগ্যৰ কথা এআইচিটিৰ জাননী পোৱাৰ পিছতো ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অভিযান্ত্ৰিক মহাবিদ্যালয়খনক স্বীকৃতি পাব লগা যোগ্য কৰি তুলিবলৈ কোনো ব্যবস্থা গ্ৰহণ নকৰিলে। আনহে নালাগে ফেব্ৰুৱাৰীতে মুকলি হোৱা অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ শিক্ষক নিযুক্তিৰ দিবৰ বাবে আজিলৈকে প্ৰকাশ নকৰিলে বিজ্ঞাপন।
ইফালে এই বর্ষৰ ৪ মাৰ্চত এআইচিটিৰ বিশেষজ্ঞ দলে মহবিদ্যালয়খনক স্বীকৃতি প্রকৃততে দিব পৰা যায় নে নাযায়,সেই সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ পৰিদর্শন কৰিছিল অভিযান্ত্ৰিক প্ৰতিষ্ঠানখন।তাত পিছতে বাতিল কৰা হৈছে মহাবিদ্যালয়খনৰ স্বীকৃতি।
ইফালে,স্বীকৃতি বাতিলৰ পিছতে চিন্তাত পৰিছে মহাবিদ্যালয়খনত অধ্যয়নৰত ৯২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ।তেওঁলোকৰ দাবী চৰকাৰে তেওঁলোকৰ কথা চিন্তা কৰি ব্যৱস্থা গ্ৰহণ কৰক।
- Log in to post comments
- 10 views