হাই এলাৰ্ট:'আইছিছ'ৰ লক্ষ্য গুৱাহাটী

isis

তপন বৰগোহাঁই


শ্ৰীলঙ্কাত 'আইছিছ'ৰ ভয়ংকৰ আক্ৰমণৰ পিছত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে হাই এলাৰ্ট জাৰি কৰা হৈছে অসমতো।গুৱাহাটীৰ মহানগৰীৰ কামাখ্যা ৰেল ষ্টেচন আৰু উচ্চ ন্যায়ালয়ত   বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ চোৰাংচোৱাই জাননী জাৰি কৰিছে। এই কথা প্ৰকাশ অসম আৰক্ষীৰ গৃহ বিভাগৰ। চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠনটোৱে এইবাৰ লক্ষ্য হিচাপে লৈছে জনবহুল গুৱাহাটী মহানগৰীক।অসম আৰক্ষীৰ হাতত 'আইছিছ'ৰ কূটাঘাটৰ ব্লুপ্ৰিন্ট আহি পৰিছে।অসম আৰক্ষীৰ হাতত এই খবৰ আহি পৰা লগে লগে এতিয়া গুৱাহাটীৰ মহানগৰীৰ হাই এলাৰ্ট স্থানসমূহত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।মহানগৰীৰ স্পৰ্শকাতৰ অঞ্চলসমূহত জনসাধাৰণৰ প্ৰতি আৰক্ষীয়ে জাৰি কৰিছে বিশেষ সতৰ্কবাণী। সেই অনুসৰি জনসাধাৰণৰ প্ৰতি আৰক্ষীয়ে আহ্বান জনাইছে কোনো সন্দেহজনক ব্যক্তি,বেগ আদি প্ৰত্যক্ষ কৰা মাত্ৰকে খবৰ দিয়ক আৰক্ষীক।


ইফালে,চোৰাংচোৱাৰ সতৰ্কবাণীৰ পিছতে 'আইছিছ'ৰ  আক্ৰমণক প্ৰতিহত কৰাৰ বাবে অসম আৰক্ষীৰ উচ্চ স্তৰত সঘনে বহিছে গোপন বৈঠক। আত্মঘাতী বোমাৰুক কেনেদৰে চিনাক্ত কৰিব পৰা যাব,সেই সম্পৰ্কতো কৰা হৈছে আলোচনা।

 
আনহাতে,মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনসাধাৰণক নিজৰ দায়িত্ব পালন কৰি আৰক্ষীক সহায় কৰিবলৈ আহ্বান জনাইছে।

Your Comments